• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মূৰ দোৱালে বিশ্বজয়ী অষ্ট্ৰেলিয়াই! বেটে-বলে অলৰাউণ্ড প্ৰদৰ্শনেৰে টী-২০ শৃংখলা জয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2023 8:12 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিগ বেছ’ লীগত তেওঁলোক সকলোৱে অনায়াসে চাৰি আৰু ছয় মাৰিছিল। ফলত বহুতে ভাবিছিল যে অষ্ট্ৰেলিয়াই এই ছিৰিজত সমতা স্থাপন কৰাটো মাথো সময়ৰ অপেক্ষা। কিন্তু সেয়া নহ’ল। নতুন বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়া অক্ষৰ পেটেল আৰু ৰবি বিষ্ণয়ৰ ঘূৰ্ণীত ৭ উইকেটত ১৫৪ ৰানতে স্তব্ধ হৈ পৰে। ৮ অভাৰত ৩৩ ৰান দি ৪ টা উইকেট দখল কৰে স্পিনাৰে দুজনে। তাতেই মেচখন ঘূৰি যায়। সূৰ্যকুমাৰ যাদৱৰ টীম ইণ্ডিয়াই ২০ ৰানত জয়লাভ কৰি টি-২০ শৃংখলাটো হস্তগত কৰে। এই জয়ৰ পাছতে ভাৰতে চলিত শৃংখলাত ৩-১ ব্যৱধানত আগবাঢ়িল৷

ট্ৰেভিছ হেডে বিশ্বকাপৰ ফাইনেলৰ দৰে ভাৰতৰ বলাৰৰ বিৰুদ্ধে ধুমুহাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিল। আনহাতে, আনজন অ’পেনাৰ জোছ ফিলিপক উভতাই দি ৰবি বিষ্ণোইয়ে অষ্ট্ৰেলিয়াক প্ৰথম আঘাত দিয়ে। ৪০ ৰানত ১ টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই। ইয়াৰ পিছত আৰম্ভ হয় অক্ষৰৰ স্পিন মেজিক। বাওঁহতীয়া স্পিনাৰগৰাকীয়ে ফৰ্মত থকা ট্ৰেভিছ হেডক আউট কৰে।

Apply Now

হেডে পুনৰ ১৬টা  বলত ৩১ ৰান সংগ্ৰহ কৰে। ৪৪ ৰানত ২ টা উইকেট হেৰুৱায় অষ্ট্ৰেলিয়াই। তাৰ পিছতো অক্ষৰ ৰৈ নাথাকিল। বেন মেকডৰ্মাটৰ পিছত এৰন হাৰ্ডলীকো ঘূৰাই আনিছিল। ফলত অষ্ট্ৰেলিয়াই ৮৭ ৰানত ৪টা উইকেট হেৰুৱাই অধিক চাপত পৰে।

স্পিনাৰ দুজনৰ মন্ত্ৰ শেষ হোৱাৰ লগে লগে অষ্ট্ৰেলিয়াৰ বেটছমেনসকলে মুকেশ কুমাৰ আৰু দীপক চাহাৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। কিন্তু ডাঙৰ বিপদ অহাৰ আগতেই দীপক চাহাৰে টিম ডেভিদক ৰান আউট কৰি দিয়ে (২০টা বলত ১৯)। অষ্ট্ৰেলিয়াই ১০৭ ৰানত ৫ টা উইকেট হেৰুৱায়। মেথিউ শ্বৰ্টেও (১৯ বলত ২২) টিম ডেভিদৰ দৰে আক্ৰমণাত্মক মানসিকতাৰে বেটিং কৰিছিল। বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা এই পেচাৰগৰাকীয়েই তেওঁক আউট কৰে। বিপক্ষৰ অধিনায়ক মেথিউ ৱেডে (২৩ বলত ৩৬*) যুঁজ দিছিল যদিও কোনো লাভ নহ’ল।

ভাৰতৰ দ্ৰুত আৰম্ভণিৰ পিছত ধাৰাবাহিক বিপৰ্যয়ৰ সৃষ্টি হয়। অৱশ্যে সেই আঘাত  প্ৰতিহত কৰি ভাৰতে যুঁজৰ বাবে উপযুক্ত স্ক’ৰ থিয় কৰায়। ১১১ ৰানত ৪ উইকেট হেৰুৱাইও ৰিংকু সিং আৰু জিতেশ শৰ্মাৰ পঞ্চম উইকেটত ১৭৪ ৰানেৰে ইনিংছ সামৰে।

যশস্বী জয়ছৱালে ২৮ বলত ৩৭ ৰানৰ বিস্ফোৰক আৰম্ভণি কৰিছিল যদিও ইনিংছৰ মাজভাগত অষ্ট্ৰেলিয়াৰ বলাৰৰ নিয়ন্ত্ৰিত লাইন লেংথ বলিং আৰু বেটাৰসকলৰ বেয়া শ্বটৰ বাবে ভাৰতে ইনিংছৰ মাজভাগত এটাৰ পিছত আনটো উইকেট হেৰুৱাইছিল। কিছু মানসিক চাপৰ পৰিস্থিতিৰ মাজতো শেষত চম্ভালিবলৈ সক্ষম হয় টীম ইণ্ডিয়াই। যশস্বী ঘূৰি যোৱাৰ কিছু সময়ৰ পাছতে শ্ৰেয়াছ আয়াৰ (৮), সূৰ্যকুমাৰ যাদৱ (১) উভতি যায়। তাৰ পিছত ৰুতুৰাজ গাইকোৱাডে ৰিংকুৰ সৈতে ইনিংছ আগবঢ়াবলৈ আৰম্ভ কৰিলে। শেষৰখন খেলৰ শতৰাণকাৰী গৰাকীয়ে ২৮টা বলত ৩২ ৰান সংগ্ৰহ কৰে।

৪৮ ৰানৰ অংশীদাৰিত্ব ভংগ হোৱাৰ পিছতো ৰিংকুৱে যুঁজ দি থাকে। তেওঁ ৪টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ২৯টা বলত ৪৬ ৰান সংগ্ৰহ কৰে। দলত সুযোগ লাভ কৰি বিস্ফোৰক ইনিংছ খেলি ভাৰতৰ ইনিংছক শক্তিশালী স্থানলৈ লৈ যায় জিতেশে। তেওঁ ১৯টা বলত ১টা বাউণ্ডেৰী আৰু ৩ অভাৰ বাউণ্ডেৰীৰ সহায়ত ৩৫ ৰান সংগ্ৰহ কৰে। কিন্তু শেষত ভাৰতে প্ৰচুৰ ৰান কৰিব নোৱাৰিলেও ৯ উইকেটত ১৭৪ ৰানত কৰে। বেন ড’ৰচিহাছে ৪০ ৰানত ৩ আৰু জেছন বেহৰেণ্ডৰ্ফে ৩২ ৰানত ২ টা উইকেট দখল কৰে।

কিন্তু ভাৰতক ১৭৪ ৰানত সীমাবদ্ধ কৰিও কোনো লাভ নহ’ল অষ্ট্ৰেলিয়াৰ। কাৰণ অক্ষৰ আৰু ৰবি বিষ্ণোইয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে স্পিন মেজিক দেখুৱায়। তেওঁলোকক সহযোগ কৰে মুকেশ কুমাৰ, দীপক চাহাৰহঁতে। ফলত ভাৰতে এই শৃংখলাত জয়লাভ কৰে। আৰু এই জয়ৰ ফলস্বৰূপে ছিৰিজৰ শেষ মেচখন কেৱল নিয়মৰক্ষাৰ মেচ হৈ পৰিল। ৩ ডিচেম্বৰ দেওবাৰে বাংগালুৰুত অনুষ্ঠিত হ’ব ছিৰিজৰ পঞ্চম তথা অন্তিমখন টী-২০ মেচ।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৭৪/৯ (ৰিংকু ৪৬, জিতেশ ৩৫, যশস্বী ৩৭, ৰুতুৰাজ ৩২, বেন ডৰ্চেহাছ ৩/৪০)

অষ্ট্ৰেলিয়াঃ ১৫৪/৭ (অক্ষৰ ৩/১৬, ৰবি বিষ্ণোই ১/১৭, দীপক ২/৪৪)

ভাৰত ২০ ৰানত বিজয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd