NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ মাজতে আজিৰে পৰা মহানগৰবাসী ৰাইজৰ বাবে ১৩৩ টা স্থানত শাক-পাচলিৰ যোগান জিলা প্ৰশাসনৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 8, 2020 2:08 pm

গুৱাহাটী মহানগৰীত ক’ৰ’না ভাইৰাছৰ ব্যাপক গণ সংক্ৰমণ হোৱাৰ পাছত এই সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে ল’কডাউন ঘোষণা কৰিছিল।

ল’কডাউনৰ সময়ছোৱাত জনসাধাৰণৰ সুবিধাৰ্থে মুঠ ১৩৩ টা স্থানত শাক-পাচলিৰ যোগান ধৰিব কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

আজিৰ পৰা গুৱাহাটী মহানগৰীৰ মুঠ ১৩৩ টা ভিন্ন ভিন্ন স্থানত মুঠ ২৬ বিধ বিভিন্ন প্ৰজাতিৰ শাক-পাচলি ৰাইজৰ বাবে বিক্ৰী কৰা হ’ব।

জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্য অনুসৰি এই শাক—াচলি সমূহ বিক্ৰীৰ অনুমতি দিয়া হৈছে।

প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্য অনুযায়ী প্ৰতি কেজি জিকাৰ মূল্য ৪৫ টকা, জালি কোমোৰা ৪০ টকা,পটল ৪০ টকা, লেচেৰা  ৪৫ টকা,তিতা কেৰেলা ৪৫ টকা,ৰঙালাও ২৫ টকা,ভেণ্ডি ৪০ টকা, বন্ধাকবি ৩৫ টকা,মূলা ৪০ টকা।

আনহাতে, কেছা জলকীয়া ৬৫ টকা, গাজৰ ৯৫ টকা, ফ্ৰেঞ্চবিন ৯৫ টকা, ভোল ৩৫টকা, তিয়হ ৩৫ টকা, পানী লাও ৪০ টকা, মটৰ ৯০ টকা নেমু ৫ টকা , বেঙেনা ৪৫ টকা, ভাত কেৰেলা ৫০ টকা, ধনীয়া ৫ টকা ( প্ৰতি মুঠি ), কেপচিকাম ৯০ টকা, ওলকবি ৪৫ টকা, আলু ৩০ টকা , বিলাহী ৫৫ টকা,কচু ৪০ টকা, ধুন্দুলী ৩০ টকাকৈ জনসাধাৰণে লাভ কৰিব।