NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত আৰু ৯গৰাকী বিএছএফ জোৱান কোভিড-১৯পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 5:02 pm
BSF-COVID19-positive-1140x570

মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত আৰু ৯গৰাকী সীমান্ত সুৰক্ষা বাহিনী( বিএছএফ) জোৱানৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে ছাংমাই বৃহস্পতিবাৰে এটা টুইটৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে।

এই নতুনকৈ হোৱা পজিটিভৰ ফলত বৃহস্পতিবাৰে বিয়লিলৈকে ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা ৫৭গৰাকীৰ পৰা ৬৬গৰাকীলৈ বৃদ্ধি পালে।

ইয়াৰ পূৰ্বে ৰাতিপুৱা এগৰাকী বিএছএফ জোৱান আৰু বিহাৰ তথা দিল্লীৰ পৰা উভতি অহা আন দুগৰাকী লোককে ধৰি তিনিগৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

নতুনকৈ আক্ৰান্ত হোৱা কেইগৰাকীৰ সৈতে এটা দিনত মুঠ ১০গৰাকী বিএছএফ জোৱানৰ কোভিড-১৯ পজিটিভ ধৰা পৰে।

এতিয়ালৈ মাত্ৰ ৪৫গৰাকী লোক সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে।

এই মাৰাত্মক ৰোগত মেঘালয়ত এগৰাকী কোভিড-১৯ পজিটিভ ৰোগীৰ মৃত্যু হৈছে।