NORTHEAST NOW (Assamese)
অসম

ডাঃ টি আও ফুটবলৰ ফাইনেলত প্ৰৱেশ অসম-নাগালেণ্ডৰ

Posted by: এন ই নাও নিউজ February 28, 2018 7:38 am
Talimeran_Ao

ডাঃ টি আও (প্ৰাক্তন ফুটবলাৰ)ৰ জন্মশতবাৰ্ষিকী উপলক্ষে আয়োজিত ২১ বছৰ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগিতাত অসম আৰু নাগালেণ্ডে ফাইনেলত প্ৰৱেশ কৰিছে।

মঙলবাৰে প্ৰতিযোগিতাখনৰ প্ৰথম ছেমি ফাইনেল মেচ অসম আৰু মেঘালয়ৰ মাজত অনুষ্ঠিত হৈছিল। মেচখনত অসমে মেঘালয়ক ১-০ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

অতি ৰোমাঞ্চকৰে ভৰা প্ৰথম ছেমি ফাইনেলখনৰ প্ৰথমাৰ্ধ গ’লশূণ্যভাৱে সমাপ্ত হৈছিল। কিন্তু দ্বিতীয়াৰ্ধৰ দুই মিণিট যোৱাৰ লগে লগে অৰ্থাৎ ৪৭ মিণিটত অসমৰ হৈ আক্ৰাং নাৰ্জাৰীয়ে একমাত্ৰ তথা নিৰ্ণায়ক গ’লটো প্ৰদান কৰে।

 

A moment during the Assam - Manipur match

ইফালে নাগালেণ্ড আৰু ছিকিমৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন ছেমি ফাইনেলত বৃহৎ ব্যৱধানত জয়ী হয় নাগালেণ্ড। মেচখনত নাগালেণ্ডে সম্পূৰ্ণ আধিপত্য ৰাখি তিনিটাকৈ গ’ল স্কৰ কৰে আৰু ৩-০ ব্যৱধানত পৰাজিত কৰে ছিকিমক।

নাগালেণ্ড দলৰ হৈ গ’লকেইটা দিয়ে ক্ৰমে টেমজেনৱাটি লংকুমাৰ, ৰিংহাম জিন্দুং আৰু নেইকেটবজৱে।

উল্লেখ্য যে প্ৰাক্তন ফুটবলাৰ টি আওৰ মাহজোৰা শতবাৰ্ষিকী সমাৰোহৰ আজি অসম আৰু নাগালেণ্ডৰ ফাইনেল মেচেৰে সামৰণি পৰিব।

আজি বিয়লি ৫ বজাৰ পৰা হ’ব লগা ফাইনেল মেচৰ পাছতে আয়োজন কৰা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সন্মানীয় অতিথি হিচাপে থাকিব উত্তৰ-পূব পৰিষদৰ সচিব ৰাম মুইভা।

ইয়াৰ উপৰি ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ৰেণেডি সিং, অলিম্পিয়ান আৰ্চাৰ চক্ৰভেলু ছুৰু আৰু ডাঃ টি আওৰ জ্যেষ্ঠ পুত্ৰ টালি আওৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

সামৰণি অনুষ্ঠানত জনপ্ৰিয় শিল্পী দীক্ষু আৰু তেজপুৰৰ ফেষ্টিডিচান গোষ্ঠীয়ে এক মনোমোহা সংগীতানুষ্ঠান পৰিৱেশন কৰিব।