NORTHEAST NOW (Assamese)
Popular Stories

পেলনীয়া ফুট ছাই বেচি কোৰোণাৰে ধন চপাইছে বাংলাদেশে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 12:43 pm
wood-ash-public-

চৌকাৰ ফুট ছাই কণো যে ধন ঘটাৰ মাধ্যম হ’ব পাৰে সেই কথা হয়তো বহুতে ভাবিবই নোৱাৰে। কিন্তু বহুতে নভবা কথাটোৱেই ভাবি উলিয়াই এতিয়া কোৰোণাৰে ধন চপাইছে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশে।

ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণৰ সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰে অৰ্থনীতি ভাগি পৰিছে যদিও বাংলাদেশৰ অৰ্থনীতিক ভালেখিনি সুস্থিৰ কৰি ৰাখিছে ফুট ছাইয়ে।

৭৫ শতাংশ কাৰ্বন উপাদানেৰে পৰিপূৰ্ণ ফুট ছাই প্ৰসাধন সামগ্ৰী প্ৰস্তুতকে ধৰি আন বহু উদ্যোগত ব্যৱহাৰ হৈ আহিছে।

ফুট ছাই বেটাৰী, কাৰ্বন পেপাৰ,পানী পৰিষ্কৰণত ব্যৱহাৰ কৰা ফিল্টাৰৰ উপাদান,ফটোস্টেট মেচিনৰ চিঁয়াহী, দাঁত ঘঁহা পাউদাৰ, বাচন ধোৱা চাবোন আদি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।

আনকি শাক-পাচলিৰ খেতিতো ফুট ছাইৰ পৰা তৈয়াৰ কৰা সাৰ প্ৰয়োগ কৰা হয়।

এনে বহুমুখী ব্যৱহাৰযোগ্য সামগ্ৰী ফুট ছাই উৎপাদন কৰিবলৈ বাংলাদেশত স্থাপন কৰা হৈছে ডাঙৰ ডাঙৰ কাৰখানা।

বাংলাদেশে ২০০৯ চনৰ পৰাই বিদেশলৈ  ফুট ছাই ৰপ্তানি কৰি আহিছে।

ফুট ছাই ৰপ্তানি কৰি বাংলাদেশে এই বেলি অৰ্জন কৰিছে ১২৯ কোটি ৭৮ লাখ মাৰ্কিন ডলাৰ।

বাংলাদেশৰ মুঠ ৰপ্তানি কৰা সামগ্ৰীৰ ভিতৰত ৬৪.৫৩ শতাংশই হৈছে ফুট ছাই।