NORTHEAST NOW (Assamese)
অসম

বিটিচিত অকলেই নিৰ্বাচন খেলিব বিজেপিয়ে; পুনৰ স্পষ্ট কৰিলে ৰাজ্যিক নেতৃত্বই

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া July 10, 2020 5:38 pm

আগন্তুক বিটিচি নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা নকৰি অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা পুনৰবাৰ স্পষ্ট কৰি দিছে ৰাজ্যিক বিজেপিয়ে।

বিটিচিৰ সৰ্বাঙ্গীন বিকাশৰ স্বাৰ্থত আৰু জনসাধাৰণৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষা পূৰণ কৰাৰ স্বাৰ্থত বিজেপিয়ে অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে স্পষ্ট কৰি দিয়ে।

ইপিনে, বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত অগপ আৰু বিপিএফৰ লগত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন মৰ্মেহে মিত্ৰতাৰ পাশত আবদ্ধ হৈছিল বুলি সদৰী কৰে ৰূপম গোস্বামীয়ে।

“স্বায়ত্ব পৰিষদ, পঞ্চায়ত, নিগম নিকায় ইত্যাদি নিৰ্বাচনত বিজেপিয়ে অকলেই প্ৰতিদ্বন্দিতা কৰি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল,” গোস্বামীয়ে লগতে কয়।

বিটিচিত শাসনৰ অংশীদাৰ হ’লেহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ ১০০ শতাংশ সফল ৰূপায়ণ হ’ব বুলিও বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে দাবী কৰে।

ইয়াৰোপৰি, বিটিচিৰ বিভিন্ন পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ বহু লোকে বিজেপিত দলে-বলে যোগদান কৰা বুলি দাবী কৰে গোস্বামীয়ে।