NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ তিনিগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু; ৩৫ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 10, 2020 8:42 pm

ৰাজ্যত পুনৰ তিনিগৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

ইয়াৰ ফলত আজিৰ দিনটোৰ ভিতৰতে ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ৮ গৰাকীলৈ বৃদ্ধি পালে।

আজি কিছুসময় পূৰ্বে মৃত্যু হোৱা লোক তিনিগৰাকী হৈছে ক্ৰমে গুৱাহাটীৰ আঠগাঁৱৰ অশোক জৈন (৬৩), জালুকবাৰীৰ বিনোদ কুমাৰ (৪৭) আৰু সৰুমটৰীয়াৰ দিপালী দত্ত (৬৫)।

তিনিওগৰাকী লোকৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ আই চি য়ুত মৃত্যু হৈছে। আক্ৰান্ত লোক তিনিওগৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ উপৰিও নিউমনিয়াত ভূগি আছিল।

আজিৰ দিনটোত ৰাজ্যত ৮ গৰাকী লোক ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱাৰ পাছত মৃতকৰ সংখ্যা ৩৫ গৰাকীলৈ বৃদ্ধি পালে।

দিনৰ ভাগত আজি আই আই টি গুৱাহাটীৰ কোভিড কেয়াৰত হৰেশ্বৰ নাথ (৫৩) নামৰ এগৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি জি এম চি এইচৰ আই চি য়ুত মৃত্যু হৈছিল ক্ৰমে ৰাখাল দেৱ (৪২), ৰমেশ কায়স্থ (৬৮), সুখময় ভৌমিক (৭২) আৰু আৰ্চিডনিক বৰুৱা শইকীয়া।

৯ জুলাইৰ দিনটোতো পাঁচগৰাকী লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল।