NORTHEAST NOW (Assamese)
অসম

জি এম চি এইচত পুনৰ এগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু; মৃতকৰ সংখ্যা ৩৬ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 4:43 pm

অসমত পুনৰ এগৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

আজি এগৰাকী ৫৫ বছৰীয়া লোকৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ আই চি য়ুত মৃত্যু হয়।

মৃত্যু হোৱা ক’ৰ’না আক্ৰান্ত লোক গৰাকী নৃপেন দেৱনাথ বুলি চিনাক্ত কৰা হৈছে।

নৃপেন দাস ক’ৰ’না আক্ৰান্ত হোৱাৰ লগতে কিডনীৰ ৰোগতো ভূগী আছিল।

ইয়াৰ ফলত অসমত ক’ৰ’না আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ৩৬ গৰাকীলৈ বৃদ্ধি পালে।

”আপোনালোকক জনাবলৈ পাই দুখ পাইছো যে নৃপেন ডেকা(৫৫) নামৰ কোভিড-১৯ আক্ৰান্ত লোক এগৰাকীৰ আজি ৰাতিপুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত মৃত্যু হয়। তেওঁ কিডনীৰ ৰোগতো ভূগী আছিল,” স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এনেদৰে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ১০ জুলাইত অসমত মুঠ ৮ গৰাকী লোকে বিভিন্ন চিকিৎসালয়ত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছিল।