NORTHEAST NOW (Assamese)
Popular Stories

মানুহৰ মুখৰ আকৃতিৰ মাছ উদ্ধাৰ মালেছিয়াত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 7:24 pm

মালেছিয়াত মানুহৰ মুখৰ সদৃশ আকৃতিৰ মাছ উদ্ধাৰ হৈছে।

মালেছিয়াত উদ্ধাৰ হোৱা মানুহৰ মুখৰ সদৃশ আকৃতিৰ মাছটোৰ আলোকচ্চিত্ৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

উদ্ধাৰ হোৱা মাছটোৰ নাম ‘ট্ৰিগাৰফিছ’ বুলি জানিব পৰা গৈছে। সাধাৰণতে এই মাছটো দক্ষিণ আফ্ৰিকাৰ পানীত পোৱা যায় আৰু মাছটোৰ ডাঙৰ ওঠ থকাৰ লগতে মানুহৰ দৰে দাত আছে।

দক্ষিণ আফ্ৰিকাৰ সাগৰীয় পানীত প্ৰায় ৪০ বিধত কৈ অধিক প্ৰজাতিৰ ‘ট্ৰিগাৰফিছ’ পোৱা যায়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে সমগ্ৰ বিশ্ব ল’কডাউনত থকাৰ সময়ত বিভিন্ন প্ৰজাতিৰ চৰাই আৰু বনৰীয়া জীৱ-জন্তুৰ আৱিৰ্ভাৱ ঘটিছে।

মুম্বাইৰ সাগৰৰ পাৰতো বহু বছৰৰ মুৰত ডলফিন দেখা পোৱা গৈছে।

আফ্ৰিকাৰ ৰাজপথতো সিংহ আৰু বাঘে জিৰণি লোৱাৰ আলোকচ্চিত্ৰ কিছু দিন পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।