NORTHEAST NOW (Assamese)
Popular Stories

১৪ জুলাইত বিজেপি এৰিব বিধায়ক শিলাদিত্য দেবে

Posted by: নিখিল মুন্দ্ৰা Updated by: নিখিল মুন্দ্ৰা July 12, 2020 6:07 pm

হোজাই সমষ্টিৰ বহু বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেবে ১৪ জুলাইত দল ত্যাগ কৰিব। আজি হোজাইত এখন সংবাদমেল আয়োজন কৰি এই কথা প্ৰকাশ কৰে।

সংবাদমেলত তেওঁ দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক হোৱাটছ এপ যোগে বিজেপি দল ত্যাগ কৰাৰ বিষয়ে অৱগত কৰোৱা বুলিও জানিবলৈ দিয়ে।

হঠাৎ বিজেপি দল এৰাৰ আঁৰৰ কাহিনীৰ বিষয়ে সাংবাদিকে বিধায়কজনৰ পৰা জানিব বিচৰাত তেওঁ কয়, ‍‍‘৩০ বছৰ বিজেপিত থকাৰ পিছতো আজি আমি গুৰুত্বহীন’।

সাধাৰণতে সংবাদ মাধ্যমৰ জৰিয়তে সাম্প্ৰদায়িক মন্তব্য কৰি অহা বিধায়ক দেৱে পদত্যাগ বুলি কোৱাৰ বিপৰীতে এয়া অৱসৰ বুলিহে মন্তব্য কৰে।

দলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰি দেৱে দলৰ ভিতৰত বিভিন্ন খেলেমেলিয়ে দেখা দিয়াৰ কথাও উল্লেখ কৰে।

জানিব পৰা মতে বিধায়ক দেৱে ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে অলপতে হোজাই জিলা বিজেপিৰ সভাপতি তথা ৰাজ্যিক পৰ্যায়ৰ বহু শীৰ্ষ নেতাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ জৰিয়তে মুকলিকৈ বিদ্ৰোহ কৰিছিল বিধায়ক শিলাদিত্য দেবে।

এই বিদ্ৰোহৰ পিছতে ৰাজ্যিক বিজেপি আৰু শিলাদিত্য দেৱৰ মাজত সম্পৰ্কৰ কিছু অৱনতি ঘটিছিল। আৰু তাৰেই পৰিণতিত বিধায়কগৰাকীয়ে দল এৰিবলৈ বাধ্য হ’ল বুলি বহুতে মন্তব্য কৰিছে।