শৰীৰত ক’ৰ’নাৰ লক্ষণ নাই! : GMCH ত কেনে আছে অখিল গগৈ; জনালে অধীক্ষকে

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে কালি কোভিড-১৯ পজিটিভ ধৰা পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ।
বৰ্তমান কৃষক নেতাগৰাকীৰ অৱস্থা সুস্থিৰ বুলি জনাইছে GMCH ৰ অধীক্ষক অভিজিত শৰ্মাই।
“অখিল গগৈৰ অৱস্থা ইমান জটিল নহয়। তেওঁ এতিয়া সুস্থিৰ। তেওঁ পুৱাৰ ভাগত আঁঠুৰ আৰু মূৰৰ অলপ বিষ থকা বুলি জনাইছিল।”
কৃষক নেতাগৰাকীৰ অক্সিজেন ৯৯ শতাংশ থকাৰ বিপৰীতে হৃদস্পন্দন এক মিনিটত ৭৯ বাৰ হোৱা বুলি তেওঁ জানিবলৈ দিয়ে।
ইয়াৰোপৰি, অখিল গগৈৰ শৰীৰৰ তাপমাত্ৰা বৰ্তমান ৯৭.৬ ডিগ্ৰী চেলচিয়াছ বুলি তেওঁ সংবাদমাধ্যমৰ আগত কয়।
ইপিনে, অখিল গগৈক বৰ্তমান ICUত ভৰ্তি কৰাবলগীয়া পৰিস্থিতি হোৱা নাই বুলি চিকিৎসক ব’ৰ্ডে তেওঁক জনোৱা বুলি সংবাদ মাধ্যমৰ আগত কয়।
অভিজিত শৰ্মাৰ মতে “অখিল গগৈৰ দেহত বৰ্তমান ক’ৰ’ণাৰ লক্ষণ বা উপসৰ্গ নাই অৰ্থাৎ তেওঁ Asymptomatic ৰোগী।”
উল্লেখযোগ্য যে জিএমচিএইচৰ প্ৰাক্তন অধ্যক্ষ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত গঠিত ব’ৰ্ডখনত আছে জিএমচিএইচৰ চিকিৎসক ডাঃ বসন্ত হাজৰিকা, ঔষধ বিভাগৰ মুৰব্বী ডাঃ সংগীত দত্ত, হেল্থ চিটী হাস্পতালৰ চিকিৎসক ডাঃ ব্ৰজেন লহকৰ আৰু এপ’ল’ৰ চিকিৎসক ডাঃ নীলম খাউণ্ড।
ইপিনে, অখিল গগৈৰ লগতে আটাইকেইগৰাকী চিকিৎসাধীন কৃষক নেতাৰ স্বাস্থ্য সম্পৰ্কীয় আপডেট প্ৰত্যেক দিনাই সংবাদ মাধ্যমৰ জৰিয়তে জনাই থাকিবলৈ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই।
আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াৰ নেতৃত্বত যোৱা এটা সজাতি দলে জি এম চি এইচ ৰ অধীক্ষকক সাক্ষাৎ কৰে আৰু তেওঁৰ পৰাই তিনিও নেতাৰ স্বাস্থ্যৰ বুজ লয়।