NORTHEAST NOW (Assamese)
Popular Stories

গোমূত্ৰ আৰু গৰুৰ গোবৰেৰে কৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভৰ নিদান বিধায়িকা সুমনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2020 6:49 pm
BJP MLA SUman

গোমূত্ৰ আৰু গৰুৰ গোবৰেৰে সংহাৰী কৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিব পৰা যাই বুলি মন্তব্য আগবঢ়াইছে বিজেপিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই।

‘‘গোমূত্ৰ আৰু গোবৰে কেঞ্চাৰ ৰোগীক আৰোগ্য কৰে। আমি প্ৰমাণ লাভ কৰিছো। আনকি গুজৰাটৰ এখন আয়ুৰ্বেদিক চিকিৎসালয়ত কেঞ্চাৰ ৰোগীৰ চিকিৎসাত গৰুৰ গোবৰ ব্যৱহাৰ কৰা হয়। গোমূত্ৰৰে প্ৰস্তুত কৰা পঞ্চমৃত ৰোগী সকলক দিয়া হয়,’’ হৰিপ্ৰিয়াই কয়।

একেধৰণে কৰ’না ভাইৰাছ নিৰ্মূলৰ বাবেও পদক্ষেপ ল’ব পাৰি বুলি সোমবাৰে অসম বিধানসভাত মন্তব্য আগবঢ়াই বিজেপিৰ বিধায়িকা গৰাকীয়ে।

যজ্ঞৰ সময়ত গোমূত্ৰ আৰু গোবৰ ব্যৱহাৰৰ কৰাৰ বিজ্ঞানসন্মত কাৰণ আছে বুলিও হৰিপ্ৰিয়াই লগতে কয়।

‘‘গৰুই দিয়া প্ৰত্যেকটো বস্তুই আমাৰ বাবে দৰকাৰী, সেয়েহে প্ৰাচীন কালত গৰুক পূজা কৰা হৈছিল। বহু ঠাইত কেঞ্চাৰ ৰোগী সকলক ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে গৰুৰ সৈতে থাকিব দিয়া হৈছিল,’’ হাজো সমষ্টিৰ বিধায়িকা গৰাকীয়ে কয়।

চৰকাৰে এইক্ষেত্ৰত গৱেষণা অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত জনসাধাৰণক এই সম্বন্ধে জনোৱা হ’ব বুলি হৰিপ্ৰিয়াই কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে হিন্দু মহাসভাই গোমূত্ৰ আৰু গোবৰ কৰ’না ভাইৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা যাই বুলি মন্তব্য আগবঢ়াইছিল।

চীনত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ৩,০০০ লোকে প্ৰাণ হেৰুওৱাৰ লগতে সমগ্ৰ বিশ্বত প্ৰায় ৮৯,০০০ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে।