NORTHEAST NOW (Assamese)
দেশ

নীতিশ বাবুৰ ওলোটাখৰ! INDIAৰ মতানৈক্য দূৰৰ বাবে চলোৱা হৈছে যৎপৰোনাস্তি চেষ্টা, খৰ্গেৰ অসহায় স্বীকাৰোক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2024 4:38 pm
Nitish Kumar INDIA alliance

বিহাৰৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিয়ে আউল লগাইছে বিৰোধীৰ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলত। বিৰোধীৰ ঐক্যজোঁট INDIAৰ অন্যতম প্ৰধান আহ্বায়ক নীতিশ কুমাৰে হঠাতে বিজেপিৰ সৈতে সংযুক্ত হ’বলৈ আগবঢ়াৰ পিছতে বিৰোধীৰ ৰাজনৈতিক সমীকৰণত অথন্তৰ লাগিছে।

নীতিশ কুমাৰৰ এনে সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে INDIA জোঁটৰ প্ৰধান দল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই। আজি কংগ্ৰেছ সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত কয় যে বিহাৰৰ ৰাজনৈতিক সংকটৰ মাজতে INDIA জোঁটৰ মতানৈক্য দূৰ কৰিবলৈ কংগ্ৰেছে যৎপৰোনাস্তি চেষ্টা চলাইছে।

নীতিশ কুমাৰৰ জনতা দলে (ইউনাইটেড) মিত্ৰজোঁটৰ পৰা আঁতৰি অহা সন্দৰ্ভত তেওঁৰ হাতত কোনো তথ্য নাই বুলিও মন্তব্য কৰে মল্লিকাৰ্জুন খৰ্গেই। খৰ্গেই লগতে তেওঁ নীতিশ কুমাৰলৈ এই বিষয়ত পত্ৰ লিখিছে আৰু তেওঁৰ সৈতে কথা পাতিবলৈও চেষ্টা কৰিছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে দেওবাৰে দিল্লীলৈ গৈ এই বিষয়ত সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিব বুলি জানিবলৈ দিয়ে। খৰ্গেই কয় যে কংগ্ৰেছে INDIA জোঁটত সকলোকে একত্ৰিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে আৰু তৃণমূল মমতা বেনাৰ্জী, চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ সৈতে কথা পাতিছে।

লক্ষণীয়ভাৱে কংগ্ৰেছে এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰিছিল যে মল্লিকাৰ্জুন খৰ্গেই নীতিশ কুমাৰৰ সৈতে দুই-তিনিবাৰ কথা পতাৰ চেষ্টা কৰিছে যদিও বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত ভালদৰে সঁহাৰি দিয়া নাই। নীতিশ কুমাৰৰ সৈতে কথা পাতিবলৈ খৰ্গেই সৎ প্ৰচেষ্টা চলাইছে বুলি কংগ্ৰেছে লগতে কয়।