NORTHEAST NOW (Assamese)
অসম

বক্র পথেৰে অগাধ সম্পত্তিৰ গৰাকী হোৱা ধুবুৰীৰ নিলম্বিত ADC চাইবুৰ ৰহমানে লাভ কৰিলে জামিন

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 23, 2021 2:43 pm
WhatsApp Image 2021-11-23 at 1.28.36 PM

বিয়াগোম দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ধুবুৰীৰ নিলম্বিত অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমানে বৰ্তমান এটা গোচৰত জামিন লাভ কৰিছে। বিয়লিৰ ভাগত অন্য এটা গোচৰত আছে শুনানি।

মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই আদালতত ৯২পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰাৰ পিছতে জামিন লাভ কৰে চাইবুৰ ৰহমানে।

বক্র পথৰে অগাধ সম্পত্তিৰ গৰাকী হোৱাৰ অভিযোগ আছিল চাইবুৰৰ বিৰুদ্ধে। ১০০ কোটিৰো অধিক সম্পত্তিৰ গৰাকী আছিল এইজন প্ৰাক্তন ACS বিষয়া।

সৰুক্ষেত্ৰী সমষ্টিৰ AIUDF ৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ স্বামী ধুবুৰীৰ প্ৰাক্তন ADC চাইবুৰ ৰহমান CM ভিজিলেন্স শাখাৰ জালত পৰিছিল।

Also Read: Lurinjyoti Gogoi ; NHPC কৰ্তৃপক্ষৰ পৰা ১ পইচা লোৱা বুলি কোনোবাই প্ৰমাণ কৰিব পাৰিলে ৰাজনৈতিক জীৱন ত্যাগ কৰিম;: লুৰিনজ্যোতি গগৈৰ প্ৰত্যাহ্বান

বর্তমান সংখ্যালঘু উন্নয়ন পৰিষদৰো উপ–সচিব আছিল চাইবুৰ ৰহমান।

ৰহমানৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪০৯ আৰু দুর্নীতি প্রতিৰোধ আইনৰ ১৩ (১) (বি)/২ (চি) ধাৰাৰ অধীনত ১/২০২১ নম্বৰ গোচৰ ৰুজু কৰা হৈছিল৷ 

জানিব পৰা মতে, চাইবুৰৰ দুগৰাকী পত্নী আৰু দুই সন্তানৰ নামত ৰাজ্যৰ ৮৯টা স্থানত ১০০ কোটি টকাৰো অধিক সম্পত্তি আছে তথা গুৱাহাটীৰ ২৮ টা স্থানত আছে ধৃত চাইবুৰৰ সম্পত্তি।

Also Read: Priyanka Chopra স্বামীৰ জোনাছ উপাধি অঁতৰোৱাৰ পাছতে বিচ্ছেদক লৈ চৰ্চাত নিক-প্ৰিয়ংকা; কি হৈছে ‘দেশী গাৰ্ল’ৰ?

উল্লেখযোগ্য যে, ২০০২ বর্ষৰ এচিএছ বিষয়া চাইবুৰ ৰহমানে উক্ত বর্ষতে ২৩ জুনত ধুবুৰী জিলাত প্রশাসনিক বিষয়াৰূপে যোগদান কৰিছিল৷ কার্যতঃ উক্ত দিনাৰ পৰাই সুদীর্ঘ ১৯ বছৰ ধৰি ধুবুৰী জিলাত কার্যনির্বাহ কৰি থকা চাইবুৰ ৰহমানে এই সময়ছোৱাত অবাধ লুণ্ঠন চলাই অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হ’ল ৬ কোটি ৩৮ লাখ ১২ হাজাৰ ১৮৮ টকা৷