NORTHEAST NOW (Assamese)
Popular Stories

You Tubeত ৰত্নাকৰ : জেইললৈ গ’ল যুৱক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2020 6:46 pm
Ratnakar-Assamese-movie-Poster-750x375

বিপুল ব্যৱসায়িক সফলতা লাভ কৰা যতীন বৰাৰ ‘ৰত্নাকৰ’ ছবিখন য়ু টিউবত আপলোড দিয়াৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

যুৱকজন ধেমাজি জিলাৰ চিলাপথাৰৰ ১ নং নামঘৰীয়াৰ জোহান দলে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, য়ু টিউবত আপলোড দিয়াৰ কিছু সময় পিছতেই ছবিখনৰ প্ৰযোজক যতীন বৰাই গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাত আহি এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে লগে লগে গোচৰ ৰুজু কৰি যুৱকজনক গ্ৰেপ্তাৰৰ বাবে অভিযান চলায়। পিছত অভিযুক্ত যুৱকজনক চিলাপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

যুৱকজনক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ১১ ফেব্ৰুৱাৰিত মুক্তি লাভ কৰিছিল যতীন বৰা, বৰষা ৰাণী বিষয়া আৰু নিশিতা গোস্বামী অভিনীত ৰত্নাকৰ ছবিখন।

ব্যৱসায়িক দিশত ছবিখনে অসমৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল।