NORTHEAST NOW (Assamese)
Popular Stories

এই পৰ্যন্ত অলিম্পিকলৈ কোৱালিফাই কৰিব নোৱাৰাৰ বাবে চিন্তিত নহয় ‍‘ধিং এক্সপ্ৰেছ’ হিমা দাস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2020 8:46 pm
704360-hima-das

অহা বছৰ অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকছলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰাক লৈ অলপো চিন্তিত নহয় দেশৰ আগশাৰীৰ স্প্ৰিণ্টাৰ অসম কন্যা হিমা দাস।

ক’ভিড-১৯ মহামাৰীৰ বাবে বন্ধ হৈ থকা আন্তঃৰাষ্ট্ৰীয় খেল পুনৰ আৰম্ভ হ’লে হিমাই অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে চেষ্টা চলাব বুলিও জানিবলৈ দিয়ে।

‍‘ইয়াক লৈ মই বেছি চিন্তিত নহয়, ইয়ে কেৱল মাত্ৰ টেনশ্যনহে বৃদ্ধি কৰে। অলিম্পিকলৈ এতিয়াও এবছৰ বাকী আছে’, নিউজ এজেন্সি পি টি আইক এইদৰে কয় হিমাই।

হিমাই লগতে কয়, ‍‘প্ৰথমে প্ৰাৰ্থনা কৰো যাতে অতি সোনকালে এই মহামাৰী নোহোৱা হয়। ইয়াৰ পিছত এথলেটিকছ ছিজন আৰম্ভ হ’ব আৰু অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে বহু সময় আছে’।

উল্লেখ্য যে আজিৰ পৰা দুই বছৰ পূৰ্বে ইতিহাস সৃষ্টি কৰি অসম কন্যা হিমা দাসে ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছিল।

ধিং এক্সপ্ৰেছৰূপে জনপ্ৰিয় হিমাই বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰা একমাত্ৰ মহিলা এথলেটিকছ। ৪০০ মিটাৰত নেশ্যনেল ৰেকৰ্ড (৫০.৭৯ ছেকেণ্ড) আছে হিমাৰ নামত।

উল্লেখ্য যে পিঠিৰ আঘাতৰ বাবে ‘ধিং এক্সপ্ৰেছ’ৰূপে খ্যাত হিমাই যোৱা বৰ্ষত দোহাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ লগতে কেইবাখনো আগশাৰীৰ চেম্পিয়নশ্বিপত অংশ ল’ব নোৱাৰিলে।

বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা হিমাই পাটিয়ালাত অনুশীলন চলাই আছে।