চীনে ভূটানৰ যিখিনি ঠাই নিজৰ বুলি দাবী কৰিছে, তাতেই এতিয়া ভাৰতে নিৰ্মাণ কৰিব পথ

ভাৰতে ভূটানৰ সীমান্ত অঞ্চলত এটা পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। পথটো নিৰ্মাণ হ’লে গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ দূৰত্ব ১৫০ কিলোমিটাৰ হ্ৰাস পাব।
শেহতীয়াকৈ ভূটানৰ এই সীমান্ত অঞ্চল চীনে নিজৰ বুলি দাবী কৰিছিল। এই পথটো নিৰ্মাণ হ’লে কৌশলগতভাৱে ভাৰতৰ লাভ হ’ব কিয়নো পথটো চীনৰ সীমাৰ কাষেৰে পাৰ হৈ যাব।
পথটো নিৰ্মাণ হ’লে ভাৰতে চীনতকৈ কেইবাগুণো অধিক সেনা ক্ষিপ্ৰতাৰে সীমান্ত অঞ্চলত নিয়োগ কৰিব পাৰিব।
তদুপৰি, ইয়াৰ ফলত টাৱাঙৰ উপৰি ভূটান গোটেই পূব সীমান্ত তথা উত্তৰ-পূবৰ ৰাজ্যৰসৈতে থকা চীনৰ সীমান্তলৈ ক্ষিপ্ৰতাৰে সেনা প্ৰেৰণ কৰিব পাৰিব।
বাতৰি অনুসৰি, ভাৰত চৰকাৰে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনক পথ নিৰ্মাণৰ কামৰ দায়িত্ব দিছে।
এই পথটোৱে টাৱাঙৰ সমীপৰ লুমলাক ভূটানৰ ত্ৰাশিগঙৰ সৈতে সংযুক্ত কৰিব। ইয়াৰ পৰা থিম্ফু কাষতে পৰিব আৰু ভাৰতৰ সীমাত থাকিব। ইয়াৰ ফলত ভাৰত আৰু ভূটানৰ সুৰক্ষা বৃদ্ধি পোৱাৰ লগতে যোগাযোগো বৃদ্ধি পাব।
চীনে অলপতে ভূটানৰ সুদীৰ্ঘ পূব অঞ্চলত নিজৰ অধিকাৰ সাৱ্যস্ত কৰাৰ প্ৰয়াস চলাইছিল। এই অঞ্চলটো অৰুণাচল প্ৰদেশৰ সেই ৯০ হাজাৰ বৰ্গ কিলোমিটাৰ বিস্তৃত অংশৰ সৈতে সংলগ্ন য’ত চীনে নিজৰ প্ৰভুত্ব দাবী কৰে।
ভূটান আৰু চীনে ১৯৮৪চনৰ পৰাই নিজৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে আলোচনা চলাই আহিছে। কিন্তু শেহতীয়াকৈ ভাৰতৰ সৈতে চীনৰ সংঘাতৰ মাজতে চীনে ভাৰত-ভূটান সীমান্ততো নিজৰ আধিপত্য প্ৰদৰ্শন আৰম্ভ কৰে।
উল্লেখ্য যে ১৯৮৪চনৰ পৰা ২০১৬চনলৈকে চীন আৰু ভূটানৰ মাজত সীমা বিবাদক লৈ ২৪খন বৈঠক অনুষ্ঠিত হৈছে। কিন্তু ডোকলাম বিবাদৰ পাছতে ভূটান আৰু চীনৰ মাজত আলোচনা বন্ধ হৈ পৰিছে।
আনহাতে, চীনৰ সম্প্ৰসাৰণবাদী মনোভাৱ ঠন ধৰি উঠাৰ সময়তে ভাৰতে ভূটানৰ সীমান্ত অঞ্চলত আৰম্ভ কৰিব খোজা পথ নিৰ্মাণৰ পৰিকল্পনাই চীনৰ বাবে চাপ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।