NORTHEAST NOW (Assamese)
Popular Stories

দৰা নোহোৱাকৈ বিয়া যুৱতীৰ! অৱশেষত বিয়াৰ দিন ঠিক কৰি হনিমুনৰ সিদ্ধান্তও ল’লে বিন্দুৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 2, 2022 5:27 pm

অহা ১১ জুনত ভাৰতত এখন অভিনৱ আৰু অভাৱনীয় বিবাহ হ’বলৈ গৈ আছে। কোনো চেলিব্ৰেটী অথবা বিখ্যাত ব্যক্তিৰ বিবাহ নহয়, শেহতীয়াকৈ চৰ্চালৈ অহা এই বিয়াখন হৈছে গুজৰাটৰ এগৰাকী ছব্বিশ বৰ্ষীয়া যুৱতীৰ। নাম তেওঁৰ ক্ষেমা বিন্দু।

বদোদৰাৰ বাসিন্দা বিন্দুৰ বিয়াখন চৰ্চালৈ অহাৰ মূলতে হৈছে তেওঁ নিজকে নিজে বিয়া কৰাব। নিজকে নিজে বিয়া? হয়, বিন্দুৱে নিজকে নিজে হোমযজ্ঞৰ সাক্ষী কৰি বিয়া পাতি গোৱাত হনিমুনৰ বাবেও যাব।

লগতে পঢক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কিত ফাৰ্মক উচ্চ হাৰত দিয়া হৈছিল চেনিটাইজাৰৰ বেছিভাগ অৰ্ডাৰ’: দাবী প্ৰতিবেদনৰ

 ইয়াক আত্মবিবাহ বুলি কোৱা হয় আৰু ভাৰতত বিন্দুৱেই হ’ব এইধৰণে নিজকে নিজৰ জীৱনসংগী বাচি লোৱা প্ৰথমগৰাকী যুৱতী।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি, এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত বিন্দুৱে জনাইছে যে তেওঁ কাহানিও বিয়াত বহিব খোজা নাছিল। কিন্তু বিয়াৰ দাবী বাঢ়ি আহিব ধৰে। অৱশেষত উপায়বিহীন হৈ নিজকে নিজে বিয়া পতাৰ সিদ্ধান্ত ল’লে।

নিজৰ পচন্দৰ কথা সদৰী কৰি বিন্দুৱে কয় যে নিজকে নিজে বিয়া পতা মাতে নিজক ভালপোৱা। নিজক ভাল পায় বাবেই বিন্দুৱে এইদৰে অভিনৱ পন্থা অৱলম্বন কৰিছে। তেওঁৰ পৰিয়ালেও এই বিবাহক সমৰ্থন জনাইছে বুলি তেওঁ কয়।

লগতে পঢক: Sonia Gandhi Covid Positive: কোভিদত আক্ৰান্ত ছোনিয়া গান্ধী; সামন্য জ্বৰৰ লগতে আছে আন লক্ষণো

অহা ১১ জুনত হ’বলগা বিয়াখন গট্ৰি নামৰ মন্দিৰ এটাত অনুষ্ঠিত হ’ব। নিজকে নিজে বিয়া পতাৰ পাছত বিন্দুৱে দুসপ্তাহৰ বাবে গোৱালৈ মধুচন্দ্ৰিকাৰ বাবে যাব।