NORTHEAST NOW (Assamese)
অসম

মহানগৰীত বলপূৰ্বকভাৱে ঘৰত প্ৰবেশ কৰি ধৰ্ষণ যুৱতীক; অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী June 2, 2022 5:45 pm

গুৱাহাটীৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত এক ধৰ্ষণ কাণ্ড ঘটিছে।

ঘৰত অকলশৰে থকা যুৱতীৰ কোঠাত সংঘটিত হৈছে এই ঘটনা।

বুধবাৰে দিনৰ ১১ বজাত ঘটিছিল এই জঘন্য ঘটনাটো। ঘটনা সন্দৰ্ভত ভূক্তভোগী যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰে দিছপুৰ থানাত।

লগতে পঢ়ক: দৰা নোহোৱাকৈ বিয়া যুৱতীৰ! অৱশেষত বিয়াৰ দিন ঠিক কৰি হনিমুনৰ সিদ্ধান্তও ল’লে বিন্দুৱে

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে টেনজিং দৰ্জী নামৰ যুৱকজনক।

ভূক্তভোগী যুৱতীগৰাকী অৰণাচলৰ টাৱাঙৰ বুলি জানিব পৰা গৈছে ৷ যুৱতীগৰাকী ঘৰটোত অকলে বাস কৰিছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অভিযুক্তক জিম্মাতলৈ তদন্ত আৰম্ভ কৰিছে।