NORTHEAST NOW (Assamese)
Popular Stories

মনৰ ধনীঃ ভিক্ষাৰীয়ে নিজৰ ভাগৰ খাদ্য বাটৰ কুকুৰক খুওৱাৰ ভিডিঅ’ই হৃদয় চুই যাব আপোনাৰো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 2:48 pm
Beggar-_5f0fe9a4e87cf

ভোগবাদী পৃথিৱীত ধনৰ ধনী লোক বহুতো আছে । কিন্তু মনৰ ধনী লোকৰ সংখ্যাহে তেনেই তাকৰ।

ধনৰ ধনী লোকৰ পৰা কোনোৱাই সময়ত কিবা সহায় পাব নে নাই সেয়া কব নোৱাৰি।

কিন্তু মনৰ ধনী লোকৰ পৰা যে  কিঞ্চিত পৰিমাণে হ’লেও উপকৃত হব  সেয়া বাস্তৱিক অভিজ্ঞতা বোৰেই প্ৰমাণ কৰি আহিছে।

শেহতীয়াকৈ এজন মনৰ ধনী ভিক্ষাৰীৰ এটা বিশেষ ভিডিঅ’ই নেটিজেনৰ মাজত বেছ সমাদৰ লাভ কৰা দেখা গৈছে।

ভাৰতীয় বন সেৱাৰ বিষয়া সুশান্ত নন্দই প্ৰকাশ কৰা ভিডিঅ’টোত এজন ভিক্ষাৰীয়ে বাটৰ কুকুৰক নিজৰ থালৰ পৰাই খাদ্য খুৱাই থকা দেখা গৈছে।

ভিক্ষাৰী জন ধনৰ ধনী নহ’লেও যে মনৰ ধনী সেই কথা ভিডিঅ’টো এবাৰ চোৱা যিকোনো হৃদয়বান ব্যক্তিয়ে উপলব্ধি কৰিব পাৰিব।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোইতিমধ্যে ১৮৫০০ গৰাকী লোকে চাইছে।

ভিডিঅ’টো এতিয়ালৈকে লাইক হৈছে ৩০০০ বাৰ।

আপুনিও এবাৰ মন দি চাওকচোন এই ভিডিঅ’টো।

দৰাচলতে মনৰ ধনী লোক থকা বাবেই আমাৰ এই পৃথিৱী খন চলি আছে সুন্দৰ কৈ…