NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত ড্ৰাগছসহ যুৱক আটক, জে’ললৈ প্ৰেৰণ

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা June 11, 2021 9:03 pm
ww

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ডাউকীঝাৰৰ পৰা বঙাইগাঁও আৰক্ষীয়ে ড্ৰাগছসহ এজন যুৱকক আটক কৰিছে ৷

বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনে জানিবলৈ দিয়া মতে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত মনোৱাৰ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰে ৷

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা এটা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন স্কুটীও জব্দ কৰে ৷

আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক বঙাইগাঁও সদৰ থানালৈ আনি জেৰা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে জেললৈ প্ৰেৰণ কৰে ৷