NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক বাছত যৌন নিৰ্যাতন চলোৱা শিক্ষকক গ্ৰেপ্তাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 23, 2019 3:58 pm
16753d80-13c2-4c86-a4b4-59b66e37782b

উত্তৰ গুৱাহাটীৰ ফেকাল্টিৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শিক্ষকগৰাকীক।

উত্থাপিত অভিযোগ অনুসৰি ২২ ছেপ্তেম্বৰ অৰ্থাৎ দেওবাৰে মঙলদৈৰ নিজগৃহৰ পৰা বিশ্ববিদ্যালয়লৈ বুলি বাছত আহি থকা অৱস্থাত ছাত্ৰী গৰাকীক উত্তৰ গুৱাহাটীৰ ফেকাল্টিৰ শিক্ষক যুগল বৰাই শ্লীলতা হানিৰ চেষ্টা কৰে।

শিক্ষক গৰাকীৰ এই কু-কৰ্মৰ সকলো দৃশ্য বাছৰ এগৰাকী যাত্ৰীয়ে মোবাইলত বন্দী কৰি থৈছিল। পাছত বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী ছায়েন্সত অধ্যয়নৰত ছাত্ৰী গৰাকীয়ে সেই প্ৰমাণৰ ভিত্তিতে শিক্ষকজনৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

এজাহাৰ দাখিলৰ পিছতেই জালুকবাৰী আৰক্ষীয়ে নাৰেংগীৰ বাসগৃহৰ পৰা অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰে। বৰ্তমান জালুকবাৰী আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।

ইফালে গ্ৰেপ্তাৰৰ পিছতেই ৫৪ বছৰীয়া শিক্ষক গৰাকীয়ে নিজৰ এই কু কাণ্ডক ‘দুৰ্ঘটনা ক্ৰমে’ সংঘটিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।