NORTHEAST NOW (Assamese)
অসম

মহানগৰীত মহিলাৰ ঘৰত টকাৰ উজান; ৭৪ লক্ষাধিক টকা জব্দ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 29, 2020 12:02 am
Police seize Rs 74,05,600 cash from woman in Guwahati

মঙলবাৰে ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত গুৱাহাটীৰ শ’লাপৰাত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ধন।

লাইথংবাম সংগীতা ৰাণী দেৱী (৫৫) নামৰ এগৰাকী মণিপুৰী মহিলাৰ ঘৰত চলোৱা অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৭৪,০৫,৬০০ টকা।

আৰক্ষীয়ে মুঠ ৩গৰাকী লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰ হোৱাসকল হ’ল ক্ৰমে- লাইথংবাম সংগীতা ৰাণী দেৱী (৫৫), চাম লাইথঙবাম (৫৩), বাম থাংখ’ চাট (৩২)।

শ’লাপৰাৰ কালাশিনি এপাৰ্টমেন্টৰ চতুৰ্থ মহলাত এই অভিযান চলাইছিল আৰক্ষীয়ে।

গুৱাহাটীত থাকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ড্ৰাগছৰ ব্যৱসায় কৰাৰ গুৰুতৰ অভিযোগ আছে গ্ৰেপ্তাৰ হোৱা আটাইকেইগৰাকীৰ বিৰুদ্ধে।

ইফালে লাইথংবাম সংগীতা ৰাণী দেৱীক ইয়াৰ পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

বশিষ্ঠ আৰক্ষী থানাত এনডিপিএছ আইনৰ ২২নং ধাৰাৰ অধীনত ৪৪৯/১৯ নম্বৰৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

এই মহিলা গৰাকী দীৰ্ঘদিনে ড্ৰাগছৰ সৰবৰাহত জড়িত থকাৰ অভিযোগ কৰিছে আৰক্ষীয়ে।

সম্প্ৰতি ক্ৰাইম ব্ৰাঞ্চে ড্ৰাগছ ব্যৱসায়ী কেইগৰাকীক জেৰা অব্যাহত ৰাখিছে।

মহিলাগৰাকীৰ ঘৰত বিয়লি প্ৰায় ৫ বজাৰ পৰা নিশা ১০ বজালৈকে চলাইছিল এই অভিযান।