NORTHEAST NOW (Assamese)
অসম

দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা মুখ্য মন্ত্ৰীৰ হেলিকপ্টাৰ; লীলাবাৰীত জৰুৰী অৱতৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2019 4:08 pm
CM Helicopter

উত্তৰ লখিমপুৰলৈ গৈ থকা অৱস্থাত ভয়াবহ হেলিকপ্টাৰ দুৰ্ঘটানৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

সোমবাৰে প্ৰস্তাবিত ভ্ৰমণ সূচী লৈ উত্তৰ লখিমপুৰলৈ গৈ থকা অৱস্থাত সৰ্বানন্দ সোণোৱালে যাত্ৰা কৰা পৱনহংসৰ হেলিকপ্তাৰখনে বেয়া বতৰৰ বাবে নিয়ন্ত্ৰণ হেৰুৱায়।

আনহাতে, হেলিকপ্তাৰখনৰ পাইলট গৰাকীয়ে অতি বিচক্ষণতাৰে নিয়ন্ত্ৰণ হেৰুওৱা হেলিকপ্তাৰখন নিয়ন্ত্ৰণ কৰি উত্তৰ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত জৰুৰী কালীনভাৱে অৱতৰণ কৰোৱায়।

মুখ্যমন্ত্ৰীয়ে প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ সৈতে উত্তৰ লখিমপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ এক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল।

ইয়াৰ পাছতে মুখ্য মন্ত্ৰীয়ে স্থলপথেৰে গন্তব্যস্থললৈ গমন কৰে বুলি জানিব পৰা গৈছে।