NORTHEAST NOW (Assamese)
অসম

মহিলা কয়েদীক উৎপীড়ন চলোৱা কাৰাগাৰ অধীক্ষকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2020 8:43 pm
Tezpur-Central-Jail-750x375

কাৰাগাৰ চৌহদত এগৰাকী মহিলা কয়েদীক উৎপীড়ন চলোৱাৰ অভিযোগত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃন্ময় ডাউকাক বৃহস্পতিবাৰে শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেব মহন্তই কয় যে মহিলা কয়েদী গৰাকীৰ স্বামীয়ে দাখিল কৰা এক অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে ডাউকাত গ্ৰেপ্তাৰ কৰা হয়।

ঘটনাৰ বলি মহিলাগৰাকীৰ স্বামীয়ে অভিযুক্ত কাৰাধীক্ষকগৰাকীয়ে তেওঁৰ পত্নীক উৎপীড়ন চলোৱাৰ অভিযোগ তুলি অলপতে তেজপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।

তেওঁৰ বিৰুদ্ধে তেজপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ এ/৪০৯/৩৭৬চি ধাৰাৰ অধীনত ৮৪১/২০ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।

কাৰাগাৰ অধীক্ষকগৰাকীৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ২৯৪,৩৫৪,৩৪২ আৰু ৫০৬ ধাৰাৰ অধীনত ১০০২/২০ নম্বৰতো এটা পৃথক গোচৰ ৰুজু কৰা হৈছে।

কাৰাগাৰ অধীক্ষকগৰাকীক বৃহস্পতিবাৰে শোণিতপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ১৪দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।