NORTHEAST NOW (Assamese)
অসম

BCCI Awards 2025: লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত শচীন, বুমৰাহলৈ পলি উমৰিগড় ট্ৰফী; চাওক বঁটাৰ সম্পূৰ্ণ তালিকা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 2, 2025 9:15 am

কিংবদন্তি শচীন তেণ্ডুলকাৰক ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জীৱনজোৰা অবিস্মৰণীয় অৱদানৰ বাবে বিচিচিআইয়ে সন্মান জনাইছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে শনিবাৰে তেণ্ডুলকাৰক লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰে।

শনিবাৰে মুম্বাইত অনুষ্ঠিত হয় বিচিচিআইৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান। ২০২৩-২৪ ছিজনৰ বাবে পুৰুষ শাখাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বঁটা লাভ কৰে যশপ্ৰীত বুমৰাহে। তেওঁক পলি উমৰিগড় ট্ৰফীৰে সন্মানিত কৰা হয়। স্মৃতি মান্ধনাই মহিলা শাখাত ২০২৩-২৪ ছিজনৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ বঁটা লাভ কৰে। চাওঁক বঁটাৰ সম্পূৰ্ণ তালিকাখন।

২০২৩-২৪ ছিজনৰ বাবে বিচিচিআইৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ তালিকা

১. কৰ্ণেল চি কে নাইডু লাইফটাইম এচিভমেণ্ট বঁটা-শচীন তেণ্ডুলকাৰ।

২. বি চি চি আইৰ বিশেষ বঁটা – ৰবিচন্দ্ৰন অশ্বিন।

৩. পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ অৱ দ্য ইয়েৰ (পলি উমৰিগড় ট্ৰফী) – যশপ্ৰীত বুমৰাহ।

৪. বছৰটোৰ শ্ৰেষ্ঠ মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ – স্মৃতি মান্ধনা।

৫. পুৰুষৰ বছৰটোৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেক – সৰফৰাজ খান।

৬. মহিলাৰ বছৰটোৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেক – আশা শোভানা।

৭. মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান – স্মৃতি মান্ধনা।

৮. মহিলা এদিনীয়া ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী – দীপ্তি শৰ্মা।

৯. ঘৰুৱা ক্ৰিকেটৰ শ্ৰেষ্ঠ দল – মুম্বাই।

১০. ঘৰুৱা ক্ৰিকেটৰ শ্ৰেষ্ঠ আম্পায়াৰ – অক্ষয় তত্ৰে।

১১. ৰঞ্জী ট্ৰফীৰ শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ(লালা অমৰনাথ ট্ৰফী) -তনুষ কোটিয়ান।

১২. সীমিত অভাৰৰ ঘৰুৱা ক্ৰিকেটত বছৰটোৰ শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ(লালা অমৰনাথ ট্ৰফী) – শশাংক সিং।

১৩. ৰঞ্জী এলিট গ্ৰুপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী (মাধৱৰাও সিন্ধিয়া ট্ৰফী) – ৰিকি ভূই।

১৪. ৰঞ্জী প্লেট গ্ৰুপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী (মাধৱৰাও সিন্ধিয়া ট্ৰফী) – অগ্নি চোপ্ৰা।

১৫. ৰঞ্জী এলিট গ্ৰুপত সৰ্বাধিক উইকেট (মাধৱৰাও সিন্ধিয়া ট্ৰফী)- সাই কিশোৰ।

১৬. ৰঞ্জী ট্ৰফী প্লেট গ্ৰুপত সৰ্বাধিক উইকেট (মাধৱৰাও সিন্ধিয়া ট্ৰফী) – তনয় ত্যাগৰাজন।

১৭. কৰ্ণেল চি কে নাইডু ট্ৰফীৰ এলিট গ্ৰুপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী(এম এ চিদাম্বৰম ট্ৰফী) – কে ভি অনিশ।

১৮. কৰ্ণেল চি কে নাইডু ট্ৰফীৰ প্লেট গ্ৰুপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী (এম এ চিদাম্বৰম ট্ৰফী) – হেম ছেত্ৰী।

১৯. কৰ্ণেল চি কে নাইডু ট্ৰফীৰ এলিট গ্ৰুপত সৰ্বাধিক উইকেট (এম এ চিদাম্বৰম ট্ৰফী) – পি বিদ্যুৎ।

২০. কৰ্ণেল চি কে নায়ুডু ট্ৰফীৰ প্লেট গ্ৰুপত সৰ্বাধিক উইকেট (এম এ চিদাম্বৰম ট্ৰফী)- নেইজেখো ৰূপাৰেও।

২১. কোচ বিহাৰ ট্ৰফীত সৰ্বাধিক ৰান সংগ্ৰহকাৰী (এম এ চিদাম্বৰম ট্ৰফী) – কাব্য তেৱাটিয়া।

২২. কোচ বিহাৰ ট্ৰফীত সৰ্বাধিক উইকেট (এম এ চিদাম্বৰম ট্ৰফী)- বিষ্ণু ভৰদ্বাজ।

২৩. বিজয় মাৰ্চেণ্ট ট্ৰফীত সৰ্বাধিক ৰান সংগ্ৰহকাৰী (জগমোহন ডালমিয়া ট্ৰফী)- লক্ষ্য ৰায়চন্দনী।

২৪. বিজয় মাৰ্চেণ্ট ট্ৰফীত সৰ্বাধিক উইকেট (জগমোহন ডালমিয়া ট্ৰফী) – হেমছুদেশন জেগনাথন।

২৫. ছিনিয়ৰ মহিলাৰ এদিনীয়া ট্ৰফীৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ(জগমোহন ডালমিয়া ট্ৰফী) – প্ৰিয়া মিশ্ৰ।

২৬. ঘৰুৱা প্ৰতিযোগিতাত বছৰটোৰ শ্ৰেষ্ঠ জুনিয়ৰ মহিলা ক্ৰিকেটাৰ (জগমোহন ডালমিয়া ট্ৰফী) – ঈশ্বৰী আৱাছাৰে।