NORTHEAST NOW (Assamese)
Popular Stories

অযোধ্যাত যুৱতীক ধৰ্ষণ কৰি হত্যা! আৰক্ষীৰ বিৰুদ্ধে নিষ্ক্ৰিয়তাৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 2, 2025 9:04 am

গাঁৱৰ পথাৰত পৰি আছে যুৱতীগৰাকীৰ তেজৰ দাগ লগা কাপোৰ। কাষৰ বিদ্যালয়খনতো আছে তেজৰ দাগ। পাছত নিৰুদ্দেশ হোৱা যুৱতীগৰাকীৰ মৃতদেহ গাঁৱৰ বাহিৰৰ নলাৰ পৰা উদ্ধাৰ কৰে। উত্তৰ প্ৰদেশৰ অযোধ্যাৰ গাঁৱত ধৰ্ষণ আৰু হত্যাৰ অভিযোগত উত্তেজনা বিয়পি পৰিছে।

শুকুৰবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছিল ২২ বছৰীয়া যুৱতীগৰাকী। পৰিয়ালৰ অভিযোগ যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতো আৰক্ষীয়ে তদন্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে।

কিন্তু আৰক্ষীৰ বিষয়া আশুতোষ তিৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অভিযোগ লাভ কৰাৰ পাছতহে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰিপৰ্ট অহালৈকে নিশ্চিতভাৱে একো কব নোৱাৰি। অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত আছে।

গাঁওবাসীৰ লগতে মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, শুকুৰবাৰে নিশা ছোৱালীজনীৰ নিৰুদ্দেশৰ বিষয়ে আৰক্ষীক অৱগত কৰা হৈছিল। কিন্তু প্ৰথমতে পুলিচে কোনো গুৰুত্ব নিদিলে। শনিবাৰে বিয়লি নিৰুদ্দেশ হোৱা যুৱতীগৰাকীৰ পৰিয়ালে গাঁৱৰ পথাৰত তেজৰ দাগ পৰা কাপোৰ পৰি থকাৰ খবৰ লাভ কৰি নিৰুদ্দেশ হোৱা যুৱতীগৰাকীৰ কাপোৰ নিজৰ কন্যাৰ বুলি চিনাক্ত কৰে।

পিছত গাঁওবাসীয়ে তদন্ত কৰিবলৈ যাওঁতে যুৱতীগৰাকীক গাঁৱৰ বাহিৰত নলাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। সমগ্ৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱ আৰু ভীম আৰ্মিৰ চন্দ্ৰশেখৰ আজাদে। যোগী ৰাজ্য আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে।