NORTHEAST NOW (Assamese)
অসম

দেশত ক’ৰ’ণা মুক্তৰ সংখ্যা বৃদ্ধি, মাত্ৰ দুই শতাংশ ৰোগীকহে প্ৰয়োজন হৈছে আই চি ইউৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2020 7:10 am
Corona-Virus-1-1

আজিৰ দিনটোৰ ভাল খবৰ এটাই যে দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰ’ণা মুক্ত লোকৰ সংখ্যা।

শেহতীয়াকৈ দেশত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাই দহ লাখৰ ঘৰ অতিক্ৰম কৰিছে যদিও এক্টিভ ৰোগীৰ সংখ্যা হৈছে ২,৮১,৬৬৮ গৰাকী।

অৰ্থাৎ মুঠ দহ লাখৰ ভিতৰৰে বাকী প্ৰায় খিনি ৰোগী ইতিমধ্যে ক’ৰ’ণাৰ পৰা মুক্ত হ’বলৈ সক্ষম হৈছে।

দেশত বৰ্তমান ক’ৰ’ণা মুক্ত ৰোগীৰ শতাংশ হাৰ হৈছে ৬৩.২৫।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে বৃহস্পতিবাৰে মাজ নিশা প্ৰকাশ কৰিছে এই তথ্য।

ইতিবাচক কথাটো হ’ল যিটো সময়ত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ বাবে আমেৰিকাৰ দৰে উন্নত দেশত আই চি ইউ, ভেন্টিলেটৰৰ অভাৱ হোৱা বুলি বাতৰি ওলাইছে সেই সেই সময়ত পিছে ভাৰতবৰ্ষত আই চি ইউত ভৰ্তি কৰোৱাবলগীয়া ৰোগীৰ সংখ্যা মাত্ৰ ২ শতাংশ।

দেশত আই চি ইউ শুকুৰবাৰলৈ থকা ৰোগীৰ সংখ্যা হৈছে ১,৫৫৯ গৰাকী।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা. হৰ্ষ বৰ্দ্ধনে নতুন দিল্লীৰ এইমছত ৰাজকুমাৰী অমৃত কৌৰ আই চি ইউ গোট মুকলি কৰি এই তথ্য দিছে।

যোৱা ২৪ ঘন্টাত দেশত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৩২হাজাৰ৬৯৬ গৰাকী।

দেশত ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে ১০,০০,২০২ গৰাকী।

এতিয়ালৈকে মৃত্যু ঘটিছে ২৫ হাজাৰৰো অধিক লোকৰ