NORTHEAST NOW (Assamese)
Popular Stories

গছৰ গুটিৰ পৰা জৈৱ ইন্ধন প্ৰস্তুত কৰিলে গুৱাহাটী আই আই টিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2020 12:36 pm
iit-guwahati-750x375

ভূ-গৰ্ভৰ সঞ্চিত খনিজ তেলৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাই অহাৰ সময়তে এতিয়া বিশ্বৰ বিজ্ঞানী মহলে সন্ধান কৰিছে বিকল্প ইন্ধনৰ।

জৈৱ ইন্ধনক এক উত্তম বিকল্প ইন্ধন হিচাবে ইতিমধ্যে গণ্য কৰা হৈছে।

এনে সময়তে গুৱাহাটী আই আই টিৰ এদল গৱেষকে গছৰ গুটিৰ পৰা জৈৱ ইন্ধন প্ৰস্তুতৰ অভিনৱ পদ্ধতি আবিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটী আই আই টিৰ কেমিকেল ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক কৌস্তৱা মহান্তিৰ নেতৃত্বত শীৰ্ষ বিজ্ঞান প্ৰতিষ্ঠানখনৰ কেইবাগৰাকীও গৱেষক শিক্ষাৰ্থীয়ে গছৰ গুটিৰ পৰা জৈৱ ইন্ধন তৈয়াৰ কৰাৰ বিশেষ প্ৰযুক্তি উদ্ভাৱন কৰিছে।

এই বিষয়ে আগশাৰীৰ বিজ্ঞান জাৰ্নালত মনোজ্ঞ বিশ্লেষণ প্ৰকাশ পাইছে।

কেমিকেল ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক কৌস্তৱা মহান্তিয়ে প্ৰকাশ কৰা মতে ভক্ষণৰ অযোগ্য কেতবোৰ গছৰ গুটি যেনে গুলমোহৰ, নিম,এৰা গছ আদিৰ গুটিত পৰ্যাপ্ত পৰিমাণে তেল থাকে।

সেই তেল বিশেষ পদ্ধতিৰে নিষ্কাষণ কৰি জৈৱ ইন্ধন তৈয়াৰ কৰা হৈছে।

এই ক্ষেত্ৰত পাইৰ’লাইজাৰ নামৰ এক কম খৰচৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ কয়।

ভক্ষণৰ অযোগ্য কেতবোৰ গছৰ গুটিৰ তেলৰ সৈতে অনুঘটক হিচাবে কেতবোৰ বিশেষ ৰাসায়নিক দ্ৰৱ্য প্ৰয়োগ কৰাৰ অন্তত যি তেল পোৱা যায় সেয়া সংশোধন কৰি জৈৱ ইন্ধন পোৱাটো সম্ভৱ হৈছে।

উল্লেখ্য আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশত এতিয়া জৈৱ ইন্ধনৰ কদৰ বাঢ়িছে।