NORTHEAST NOW (Assamese)
অসম

চলচ্চিত্ৰমে আয়োজন কৰিছে দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ

Posted by: নবাৰুণ গুহ March 2, 2018 7:24 am
JYOTI-CHITRA-678x381

চলচ্চিত্ৰমে আয়োজন কৰা দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱখন গুৱাহাটীৰ জ্যোতি চিত্ৰবন চৌহদত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত চলচ্চিত্ৰৰ প্ৰদৰ্শন, আলোচনা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অসমৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাস, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ (আৰএছএছ) সৰ্ব ভাৰতীয় প্ৰচাৰ প্ৰমুখ ড০ মনমোহন বৈদ্য আৰু খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা সান্তনা বৰদলৈ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

ওম ৰাউতে পৰিচালনা কৰা ‘লোকমান্য-এক যুগপুৰুষ’ নামৰ ছবিখনৰ প্ৰদৰ্শনৰে  মহোৎসৱখন মুকলি কৰা হ’ব।

মহোৎসৱখনৰ দ্বিতীয় দিনটোৰ মুখ্য আকৰ্ষণ হ’ব কালজয়ী অসমীয়া চলচ্চিত্ৰ ‘ডা: বেজবৰুৱা’ৰ ওপৰত অনুষ্ঠিত আলোচনা।  উল্লেখযোগ্য যে চলচ্চিত্ৰখনে ইয়াৰ ৫০ বছৰ উদযাপন কৰিছে।

এই মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া ছবিসমূহৰ ভিতৰত আছে- ‘ৰিয়াৰিং এৰী উইথ ট্ৰেডিশ্যনেল ভেল্যুছ’, হেপী বাৰ্থ ডে জয়’, আহমেদাবাদ’ছ বেনে ইজৰাইল’, ট্ৰপিকেল মেলেডি’, লিয়াকৎ-ইট ৰেইনছ ইন দ্য এণ্ড’, ‘মেঘ-দ্য ক্লাউদ’, টাক্কুটি-এ ৰিলেন্টলেছ জাৰ্ণি’, ‘বাথৌ অ’পেন দ্য ড’ৰ’, নেষ্টি উইমেন’, ‘দ্য টি’, ‘নো-দ্য হ’ম’, ‘লিটল হাৰ্টছ’, ইত্যাদি।

মহোৎসৱ খন অনন্থ মহাদেৱন পৰিচালিত আৰু বিনয় পাঠক অভিনীত ‘গৌৰ হৰি দাস্তান’ চলচ্চিত্ৰখনৰ প্ৰদৰ্শনেৰে সামৰণি মৰা হ’ব।

অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা তথা অভিনেত্ৰী আঙুৰলতা ডেকাই সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।