NORTHEAST NOW (Assamese)
অসম

আই পি এলত অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে লাচিথ মালিংগাৰ

Posted by: এন ই নাও নিউজ August 21, 2020 9:28 pm
আই পি এলত অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে লাচিথ মালিংগাৰ

শ্ৰীলংকাৰ তাৰকা বেগী বলাৰ লাচিথ মালিংগাই পাৰিবাৰিক কাৰণত ২০২০ বৰ্ষৰ আই পি এলত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছৰ হৈ বলিঙৰ গুৰি ধৰা মালিংগাৰ পিতৃ অসুস্থ হৈ আছে আৰু তেওঁক অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন হ’ব পাৰে যাৰ বাবে মালিংগাৰ আই পি এলত অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে।

আনহাতে, কিছু সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি  অনুসৰি লাচিথ মালিংগাই প্ৰথম কেইখনমান খেলতহে অংশগ্ৰহণ কৰিব নোৱাৰিব বাকী খেলসমূহত তেওঁ মুম্বাই ইণ্ডিয়ানছৰ সৈতে সংযুক্ত হ’ব।

ভাৰতৰ প্ৰাক্তন তাৰকা স্পীনাৰ হৰভজন সিঙেও পাৰিবাৰিক কাৰণ বসত চেন্নাই চুপাৰ কিংছৰ সৈতে একেলগতে য়ু এ ইলৈ উৰা মাৰিব নোৱাৰিলে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ২০২০ বৰ্ষৰ আই পি এল নিজ দেশৰ মাটিৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত হ’ব।