NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না ভাইৰাছ পৰীক্ষাগাৰৰ পৰা সংক্ৰমিত হোৱা মতবাদ দুৰ্ভাগ্যজনক; বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 9, 2021 5:59 pm
ক’ৰ’না ভাইৰাছ পৰীক্ষাগাৰৰ পৰা সংক্ৰমিত হোৱা মতবাদ দুৰ্ভাগ্যজনক; বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলৰ মন্তব্য

ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থলৰ সন্ধানত চীনৰ য়ুহান প্ৰদেশত উপস্থিত থকা বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলটোৱে আজি সংবাদ মাধ্যমক সম্বোধন কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে চীনৰ বিশেষজ্ঞৰ দলৰ সৈতে যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰি ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পূৰ্বে ক’ৰ’না ভাইৰাছ য়ুহানত থকাৰ কোনোধৰণৰ প্ৰমাণ নাই বুলি কয়।

চীনৰ বিশেষজ্ঞৰ দলটোৰ মুৰব্বী লিয়াং য়ানিয়ানে ক’ৰ’না ভাইৰাছ য়ুহানৰ পৰাই সংক্ৰমিত হৈছে বুলি কোৱাৰ কোনো নিৰ্দিষ্ট তথ্য নাই বুলি উল্লেখ কৰে।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে ক’ৰ’না ভাইৰাছৰ পৰীক্ষাগাৰৰ পৰা ওলোৱা বুলি প্ৰচাৰিত মতবাদকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থলৰ সন্ধানত বিশ্ব স্বাস্থ্য সংস্থাৰ এটা বিশেষজ্ঞৰ দলে চীনৰ য়ুহান প্ৰদেশত উপস্থিত হৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে য়ুহানৰ চিকিৎসালয়, সাগৰীয় বজাৰ আৰু ভাইৰাছ পৰীক্ষাগাৰ সকলো পৰিদৰ্শন কৰিছিল।