NORTHEAST NOW (Assamese)
অসম

সপ্তাহত ৪দিন কাম, ৩ দিন ছুটী! নতুন শ্ৰমবিধি আনিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 9, 2021 6:22 pm
Indian Govt. office

সপ্তাহত মাত্ৰ ৪দিন কাম কৰিলেই হ’ব। কেন্দ্ৰীয় চৰকাৰে লেবাৰ কোড বা শ্ৰমবিধিৰ অধীনত সোনকালেই এনে এক বিকল্প প্ৰদান কৰিবলৈ আগবাঢ়িছে।

অৱশ্যে সেয়া বাধ্যতামূলক নহয়। সপ্তাহত ৫দিন বা ৬দিন কাম কৰাৰো সুযোগ থাকিব। কিন্তু সামগ্ৰিকভাৱে সপ্তাহত ৪৮ঘন্টা কাম কৰিব লাগিব।

কেন্দ্ৰীয় শ্ৰম সচিব অপূৰ্ব চন্দ্ৰই সোমবাৰে এক সংবাদমেলত জানিবলৈ দিয়ে যে দেশৰ সংস্থাসমূহে সপ্তাহত কিমানদিন কাম কৰোৱাৰ দিশে যাব পাৰে তাক লৈ তিনিটা বিকল্প আগবঢ়োৱা হ’ব।

এই বিকল্প অনুসৰি, দিনে ১২ ঘন্টাকৈ সপ্তাহত ৪দিন, দিনে ১০ ঘন্টাকৈ কাম কৰিলে সপ্তাহত ৫দিন আৰু সপ্তাহত ৬দিন কাম কৰিলে দিনে ৮ঘন্টাকৈ কাম কৰিব লাগিব।

সেই অনুসাৰে, সপ্তাহত ৪দিন কাম কৰা সকলে ৩দিন ছুটী পাব। সপ্তাহত ৫দিন কাম কৰা সকলক নতুন সপ্তাহ আৰম্ভ হোৱাৰ পূৰ্বে ২দিন ছুটী দিব লাগিব। আকৌ সপ্তাহত ৬দিন কাম কৰা সকলে এদিনৰ ছুটী লাভ কৰিব।

অৱশ্যে, কেন্দ্ৰীয় শ্ৰম সচিবগৰাকীয়ে জানিবলৈ দিয়ে যে কোনো বিধি মানিবলৈ কৰ্মচাৰী বা সংস্থাসমূহক জোৰ জবৰদস্তি কৰা নহ’ব।

দেসত কৰ্ম সংস্কৃতিত অহা পৰিৱৰ্তনৰ সৈতে সন্তুলন ৰক্ষা কৰি কৰ্মবিধিৰ ক্ষেত্ৰত মাথোঁ কিছু শিথিলতাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে, চূড়ান্ত বিধি প্ৰস্তুত কৰোতে কিছু পৰিৱৰ্তন অনা হ’ব।

স্বাভাৱিকতে এই বিধি প্ৰস্তুত হোৱাৰৰ পাছত দেশৰ কৰ্মক্ষেত্ৰসমূহত কিছু পৰিৱৰ্তন নিশ্চয় লক্ষ্য কৰা যাব।