NORTHEAST NOW (Assamese)
অসম

এৰাবাৰীত পৰিণত হৈছে বানে গৰকা লাওঁখোৱাৰ বৃহত্তৰ নৈপৰীয়া অঞ্চল

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা July 18, 2020 8:00 am
VideoCapture_20200717-160851

সম্প্ৰতি এৰাবাৰীত পৰিণত হৈছে বানে গৰকা চামগুৰি লাওঁখোৱাৰ নৈ পৰীয়া বৃহত্তৰ অঞ্চলটো।

বান বিভীষিকা কিছু শাম কাটিছে যদিও দুৰ্ভাগ্যই যেন লগ এৰা নাই বন্যাৰ্ত ৰাইজৰ।

বিগত বহু কেইটা দিন ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈ থকা লাওঁখোৱাৰ ১নং ভূৰবন্ধাত বানপানীৰ জলস্তৰ কিছু হ্ৰাস পোৱাৰ পিছত বাৰী-ঘৰ-ভেঁটিৰ প্ৰকৃত দুৰ্দশাৰ ছবিখন বাৰুকৈ ফুটি উঠিছে বানাক্ৰান্ত পৰিয়াল সমূহৰ।

টিঙলৈকে বুৰ গৈ থকা বাসগৃহ সমূহৰ পৰা পানী ওলাই গৈছে যদিও নিজৰ আপোন ঘৰখনলৈ ওভতি যাব পৰা নাই সমীপৰে শিলঘাট-ধিং সংযোগী মূল মথাউৰিৰ ওপৰত অস্থায়ী শিবিৰ পাতি আশ্ৰয় লৈ থকা গাওঁ খনৰ শতাধিক পৰিয়াল।

কাৰণ বানে এৰা ঘৰ সমূহৰ ভিতৰে-বাহিৰে বোকা আৰু পলস পৰি সৃষ্টি কৰা কদৰ্যময় পৰিবেশ প্ৰত্যক্ষ কৰি হতাশাত ভাগি পৰিছে বানাক্ৰান্ত পৰিয়াল সমূহ।

ইয়াৰ বাবে পানী শুকাই যোৱাৰ পিছতো মথাউৰিতে থাকিবলৈ বাধ্য হৈছে পৰিয়াল সমূহ। ইপিনে, ভদীয়া বানৰ আশংকাতো শিবিৰ এৰি ঘৰলৈ আহিবলৈ সাহস গোটাব পৰা নাই ১নং আৰু ২নং ভূৰবন্ধাৰ বানাক্ৰান্ত পৰিয়াল সমূহে।

আনহাতে, প্ৰতি বছৰে বান গৰাখহনীয়াই চূড়ান্তভাবে ভাৰাক্ৰান্ত কৰি অহা অঞ্চলটোৰ বাবে অতদিনে বিশেষ একো কৰিব নোৱাৰা চৰকাৰ তথা জনপ্ৰতিনিধি সকলক বানাক্ৰান্ত ১নং আৰু ২নং ভূৰবন্ধাত পৃথকে-পৃথকে দুটা গাইড বান্ধ নিৰ্মাণ কৰি এইবাৰ এই বান-গৰাখহনীয়াৰ বৃহৎ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবৰ বাবে পুনৰবাৰ কাতৰ আহ্বান জনাইছে নৈপৰীয়া ৰাইজে।

অন্যথা আগন্তুক ভদীয়া বান অথবা অহা বাৰিষাত বৃহত্তৰ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ প্ৰৱল বান আৰু গৰাখহনীয়াৰ কৱলত পৰি সম্পূৰ্ণৰূপে নিঃশেষ হৈ যোৱাৰ আশংকা প্ৰকাশ কৰিছে চামগুৰিৰ ভুক্তভোগী নৈপৰীয়া বানাক্ৰান্ত লাওঁখোৱা বাসীয়ে।