NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰত ২৪ ঘণ্টাত নিৰাপত্তাৰক্ষী বাহিনীৰ অভিযানত ছয়জন সন্ত্ৰাসবাদী নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2020 10:03 am

ক’ৰ’না মহামাৰীৰ সময়তো জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰ গতিত অব্যাহত আছে।

বিগত ২৪ ঘণ্টাত জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা দুটা পৃথক পৃথক সংঘৰ্ষত ছয়জন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

শনিবাৰে ৰাতিপুৱাই সেনা বাহিনী, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ সন্মিলিত অভিযানত ছোফিয়ান জিলাত তিনিজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

আনহাতে, শুকুৰবাৰে নিশা কুলগাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত জইচ-ই-মহম্মদৰ শীৰ্ষ কামাণ্ডাৰ এগৰাকীকে ধৰি তিনিজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তাৰক্ষী বাহিনীয়ে জিলা দুখনত সন্ত্ৰাসবাদীয়ে বাহৰ পাতি থকাৰ খবৰ লাভ কৰে আৰু উক্ত তথ্যৰ অভিযান চলায় নিৰাপত্তা ৰক্ষী বাহিনীয়ে সন্ত্ৰাসবাদী কেইজনক নিহত কৰিবলৈ সক্ষম হয়।

বিগত মাহতো জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে ভালেকেইজন সন্ত্ৰাসবাদীক নিহত কৰিবলৈ সক্ষম হৈছিল।

তদুপৰি, বিগত মাহত কাশ্মীৰত সন্ত্ৰাসবাদীয়ে এজন বিজেপি নেতাক গুলীয়াই হত্যা কৰাৰ বিপৰীতে আন এগৰাকী বিজেপি নেতাক অপহৰণ কৰিছিল।

অপহৃত বিজেপি নেতা গৰাকীক নিৰাপত্তাৰক্ষী বাহিনীয়ে দুদিনৰ ভিতৰতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।