NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ সুযোগ্য সন্তান দক্ষ আৰক্ষী বিষয়া ৰণজিৎ দাসৰ মৃত্যু

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস July 18, 2020 2:25 pm
WhatsApp Image 2020-07-18 at 12.13.38 PM

বৰপেটা চহৰৰ সুযোগ্য সন্তান তথা গুৱাহাটীত কৰ্মৰত দক্ষ আৰক্ষী বিষয়া ৰণজিৎ দাসৰ আজি মৃত্যু হয় ৷

আৰক্ষী বিষয়াজনে চাৰিদিন পূৰ্বে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল আৰু সংকটজনক অৱস্থাত গুৱাহাটীৰ জি এন আৰ চি হস্পিটেলত তেওঁক ভৰ্তি কৰোৱা হৈছিল ৷

পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত ভেন্টিলেশ্যনত ৰখা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে আজি পুৱা ১০:৩০ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

দাসৰ  মৃত্যুত বৰপেটা চহৰত একপ্ৰকাৰ শোকৰ ছাঁ পৰে ৷

উল্লেখ্য যে, মৃত্যুৰ আগমুহুৰ্তলৈ ৰণজিৎ দাসে জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত হৈ আছিল ৷

উল্লেখ্য যে বিভিন্ন আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব পালন কৰা দাসে গড়চুক থানাত থকা কালত কুখ্যাত গাড়ীচোৰ অনিল চৌহানক কৰায়ত্ব কৰাৰ বাবে অভিযান চলাইছিল।

সেই তেতিয়াৰে পৰা অনিল চৌহানৰ বিভিন্ন কুকীৰ্তি পোহৰলৈ আহে।

মহানগৰীৰ জালুকবাৰীত স্থায়ীভাৱে বসবাস কৰা আৰক্ষী বিষয়াক আজি মহানগৰ আৰক্ষী নিৱেশত আৰক্ষী আয়ুক্তকে ধৰি শীৰ্ষ বিষয়াসকলে অন্তিম শ্ৰদ্ধা জনায়।