NORTHEAST NOW (Assamese)
অসম

কি আছে ক’ৰ’ণাৰ সংক্ৰমণক লৈ অসমলৈ কেন্দ্ৰই লিখা চিঠিত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2020 5:05 pm
WhatsApp Image 2020-07-18 at 9.36.34 AM

দেশত চলিছে ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ। ৰাজ্যই ৰাজ্যই এতিয়া বাঢ়িছে ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

বিশেষকৈ অসমকে ধৰি আন কেইখনমান ৰাজ্যত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণে সামাজিক সংক্ৰমণৰ ৰুপ লোৱাত চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

এনে পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে আজিঅসমকে ধৰি চাৰিখন ৰাজ্যলৈ ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হ’বলৈ নিৰ্দেশ জাৰি কৰি পত্ৰ প্ৰেৰণ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ যুটীয়া সচিব লাভ আগৰৱালাই অসম,পশ্চিম বংগ,বিহাৰ আৰু ওড়িশা চৰকাৰলৈ লিখা পত্ৰত যিমান পাৰি ক’ৰ’ণাৰ পৰীক্ষা বৃদ্ধি কৰিবলৈ কৈছে।

পত্ৰখনত প্ৰতি ১ লাখ লোকৰ মাজৰে কমেও ১৪ জন লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰাৰ কথা কোৱা হৈছে।

তদুপৰি কন্টেইনমেন্ট জ’ন সমূহত যাতে সকলোৱে স্বাস্থ্য বিধি মানি চলে সেই বিষয়ত অধিক কঠোৰ হ’বলৈ কোৱা হৈছে।

পত্ৰ খনত লগতে এই বুলিও উল্লেখ কৰা হৈছে যে অসমৰ নগাওঁ,কাৰ্বি আংলং,নলবাৰী, শিৱসাগৰ,গোৱালপাৰা আদি জিলা সমূহত ক’ৰ’ণাৰ পৰীক্ষাৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ কমি আছে।

সেই জিলা সমূহত সেয়ে পৰীক্ষাৰ হাৰ বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়া হৈছে।

ৰাজ্য খনত যোৱা ১৪ দিনত ৮০ শতাংশ ক’ৰ’ণা ৰোগী বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি পত্ৰ খনত ক’ৰ’ণাত আক্ৰান্ত সকলৰ কন্টেক হিষ্টৰী পৰীক্ষা কৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলক ৭২ ঘন্টাৰ ভিতৰত কোৱাৰেন্টাইন কৰিবলৈ কৈছে।

অসমত মৃত্যুৰ হাৰ ১ শতাংশতকৈ তলত ৰখাৰ বাবে পদক্ষেপ গ্ৰহণৰো নিৰ্দেশ দিয়া হৈছে।