NORTHEAST NOW (Assamese)
অসম

বিটিচি’ৰ বাহিৰৰ বড়োসকলৰ বাবে উপগ্ৰহীয় স্বায়ত্ব শাসনৰ দাবী : আমজোঙ্গাত ইউ বি পি অ’ৰ প্ৰতিষ্ঠা দিৱস

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা July 18, 2020 4:46 pm
IMG-20200718-WA0028

বিগত ২০১৪ চনত গঠন হোৱা ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেচন চমুকৈ ইউ বি পি অ’ৰ আজি ৭ম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় গোৱালপাৰা জিলাৰ আমজোঙ্গাত।

গোৱালপাৰা জিলা সমিতিয়ে আয়োজন কৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাতিপুৱা ১০ বজাত সমিতিৰ পতাকা উত্তোলন কৰে জিলা সভাপতি যোজ্ঞেশ্বৰ বসুমতাৰীয়ে।

ক’ৰ’নাৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাৰ প্ৰতি লক্ষ্য কৰি অনুষ্টুপীয়াকৈ আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি অমিয় কুমাৰ বসুমতাৰীয়ে।

তেওঁ বক্তব্য প্ৰদান কৰি কয় যে বি টি চিৰ বাহিৰত বাস কৰা ২১ খন জিলাৰ বড়ো সকলৰ ৰাজনৈতিক, শৈক্ষিক অধিকাৰ নিশ্চিত কৰিবলৈ মাত মাতি আছে ইউ বি পি অ’য়ে।

বি টি চিৰ বাহিৰত বাস কৰা বড়োসকলক উপগ্ৰহীয় পদ্ধতিৰে স্বায়ত্ত শাসন দাবী কৰি অহা সংগঠনটোয়ে এই সম্পৰ্কে বহুবাৰ মুখ্যমন্ত্ৰীৰ সৈতেও আলোচনা কৰা বুলি প্ৰকাশ কৰি বড়োসকলক বাদ দি অসমত ৰাজনীতি নহয় বুলিও মন্তব্য কৰে।

আজিৰ অনুষ্ঠানত গোৱালপাৰা জিলা বড়ো সাহিত্য সভাৰ সভাপতি ৰবীন বড়ো আৰু সাহিত্য উপ সমিতিৰ সভাপতি অজয় কুমাৰ বড়ো, গোৱালপাৰা জিলা বড়ো বাৰদল’ৰ সভাপতি অনন্ত বড়ো, প্ৰাক্তন সভাপতি যতীন খাখলাৰী, সাংস্কৃতিক সম্পাদক ৰঞ্জিত খাখলাৰী, দক্ষিণ কামৰূপ-গোৱালপাৰা জিলা বড়ো কো-অৰ্ডিনেচন কমিটিৰ চেয়াৰমেন যাদৱ স্বৰ্গীয়াৰী, উপদেষ্টা কণিষ্ক হাজোৱাৰী, গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ সম্পাদক ধীৰাজ হাজোৱাৰী, দুধনৈৰ প্ৰাক্তন বিধায়ক দেবেন দৈমাৰী আদি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

আজিৰ প্ৰতিষ্ঠা দিৱসত প্ৰাক্তন বি এল টি কল্যাণ সমিতি, এন ডি এফ বি’ৰ একাধিক গোটৰ লগতে স্থানীয় লোক সকল উপস্থিত থাকে।

আমজোঙ্গাৰ মুনুপাৰা ‘হাদুংগ্ৰা জীৰায়শালি’ত অনুস্থিত প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচীৰ আঁত ধৰে ইউ বি পি অ’, গোৱালপাৰা জিলা সমিতিৰ সম্পাদক বিদূৰ খাখলাৰীয়ে |