NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ চামগুৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা July 18, 2020 4:36 pm
index.jpgসস

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা পহুকটাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঘাত প্ৰাপ্ত এগৰাকী মহিলা পৰি থকাৰ সম্ভেদ পাই ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হয়।

চামগুৰি আৰক্ষীয়ে আঘাত প্ৰাপ্ত মহিলা গৰাকীক ১০৮ ৰ সহায়ত নগাঁও অসামৰিক চিকিত্সালয় লৈ প্ৰেৰণ কৰে।

নিশা অচিনাক্ত মহিলা গৰাকীক চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে।

প্ৰায় ষাঠি বছৰীযা মহিলা গৰাকী মিঠা বৰণীয়া হোৱাৰ লগতে শাৰী পৰিহিত আছিল।

আনহাতে অচিনাক্ত মহিলা গৰাকীৰ মূৰ আৰু সোঁ ভৰিত আঘাতৰ চিন স্পষ্ট হৈ থকাত কোনো গাড়ীয়ে খুন্দা মাৰি আঘাত কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

বৰ্তমান উক্ত মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা পিছত চিকিৎসালয়খনৰ মৰ্গতে ৰাখি থোৱা বুলি আৰক্ষীৰ সুত্ৰে জানিবলৈ দিয়ে।