NORTHEAST NOW (Assamese)
অসম

১৯ৰ পৰা ২১ জুলাইলৈ অসম,উত্তৰ-পূৱত হ’ব ধাৰাসাৰ বৰষুণ, ৰেড এলাৰ্ট জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2020 4:19 pm
rain_1204b10e-c

এনেয়ে মৰে ঋষিৰ শাপত, তাতে দিয়ে ধানৰ ভাপত।

অসমৰ অৱস্থাও তেনে হ’বলৈয়ে গৈ আছে। ৰাজ্যত বানে কালান্তক ৰুপ ধাৰণ কৰাৰ সময়তে ১৯ জুলাইৰ পৰা ২১ জুলাই পৰ্যন্ত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰাৰ পিছতে এতিয়া অধিক শংকিত হৈ পৰিছে বানপীড়িত লোক সকল।

কেন্দ্ৰীয় বতৰ বিজ্ঞাল কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আৰৱ সাগৰৰ পৰা বলা জলীয় বাষ্প যুক্ত বতাহ আৰু মৌচুমীৰ প্ৰভাৱত ১৯ জুলাইৰ পৰা ২১ জুলাইলৈ অসম, মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় কেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণ হ’ব।

বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে অসম,মেঘালয় আৰু পশ্চিম বংগৰ ক্ষেত্ৰত ৰেড এলাৰ্ট জাৰি কৰিছে।

উল্লেখ্য অসমৰ বান পৰিস্থিতি দিনক দিনে শোচনীয় হৈ গৈ আছে।

এতিয়ালৈকে বানত ৰাজ্যখনত ৭৬ গৰাকী লোকৰ মৃত্যু ঘটিছে।

শেহতীয়া কেইটামান দিনত এসমত বান আৰু পাহাৰৰ পৰা মাটি খহি পৰাৰ ফলত ১০২ গৰাকী লোকে মৃত্যুক সাৱটি লবলগীয়া হৈছে।

এনে পৰিস্থিতিত পুনৰ ধাৰাসাৰ বৰষুণ হ’লে বানাক্ৰান্ত সকলৰ আলাই-আথানি নোহোৱা হ’ব।