NORTHEAST NOW (Assamese)
Popular Stories

২৪ জুলাইত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব বৃহৎ উল্কাপিণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2020 1:06 pm
RTS1TY6I-770x433

এক বৃহৎ উল্কাপিণ্ড দুৰন্ত গতিৰে পৃথিৱীৰ দিশে ধাৱমান হৈ আছে। ২৪ জুলাইৰ দিনা এই উল্কাপিণ্ডই পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যাব।

লণ্ডন চহৰখনতকৈ প্ৰায় ১.৫ গুণে বৃহৎ এই উল্কাপিণ্ডৰ আগমণৰ কথা পৰেকাশ কৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই।

নাছাৰ বিজ্ঞানীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ জুলাইত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাবলগীয়া উল্কাপিণ্ডটোৰ নাম হৈছে ২০২০ এন ডি।

উল্কাপিণ্ডটোৱে ঘন্টাত ৪৮ হাজাৰ কিলোমিটাৰ বেগেৰে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব।

সেই সময়ত পৃথিৱী আৰু উল্কাপিণ্ডটোৰ মাজৰ দূৰত্ব হ’ব ৫,০৮৬,৩২৭ কিলোমিটাৰ।

মহাকাশৰ ক্ষতিকাৰক উল্কাপিণ্ড সমূহৰ মাজৰে এটা এই উল্কাপিণ্ডটোৱে পিছে পৃথিৱীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ আশংকা তেনেই কম বুলি নাছাৰ সূত্ৰই প্ৰকাশ কৰিছে।

নাছাৰ বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে উল্কাপিণ্ডই পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা ৩ লাখ ভাগৰ ভিতৰত এভাগহে থাকে।

কেতিয়াবা যদি কোনো উল্কাপিণ্ডই পৃথিৱীত খুন্দা মাৰেও তেন্তে ইয়াৰ ফলত হ’ব পৰা ক্ষতিৰ পৰিমাণ তেনে কম বুলিও বিজ্ঞানী সকলে প্ৰকাশ কৰিছে।

২৪ জুলাইত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাবলগীয়া উল্কাপিণ্ডটোক লৈ সেয়ে শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি নাছাই কৈছে।