NORTHEAST NOW (Assamese)
অসম

বনৰীয়া হাতীৰ আক্ৰমণত বিহালীত এজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ ব্যুৰো, বিহালী : November 26, 2017 9:47 am

যোৱা নিশা বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে। নিহত লোকজনক বিহালীৰ বৰাজুলি গাঁৱৰ গকুল দাস বুলি চিনাক্ত কৰা হৈছে।

যোৱা নিশা বৰাজুলি অঞ্চলত এটা হাতীৰ জাক প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিষয়াৰ দল এটা আহি হাতীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা কৰে। ইয়াৰ মাজতে বন বিভাগৰ দলটোক সহায় কৰিবলৈ গকুল দাস ঘৰৰ পৰা ওলাই আহিছিল। নিশা প্ৰায় এঘাৰ বজাত বনকৰ্মীৰ সৈতে হাতী খেদি থকা গকুল দাসক পালটোৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা গকুলৰ কিছু সময় পিছতে মৃত্যু হয়। বৃত্তিত এগৰাকী কৃষক আছিল ৪৫ বছৰীয়া গকুল দাস।

মৃত্যুৰ সময়ত গকুল দাসে চাৰিটা সন্তানসহ পত্নীক এৰি থৈ যায়। আৰ্থিকভাৱে নিঃস্ব কৃষক গকুল দাসৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত থকা অঞ্চলটোত হাতীৰ সন্ত্ৰাস ৰোধ কৰাত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। বন বিভাগৰ লোকৰ সন্মুখতে হাতীৰ আক্ৰমণত এগৰাকী দৰিদ্ৰ কৃষকৰ মৃত্যুৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই ৰাইজে।