অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকলক ৰখা হ’ব দুসপ্তাহ কোৱাৰেণ্টাইনত

চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত খেলুৱৈ সকলৰ কোৱাৰেণ্টাইন সময়ৰ বিষয়ে মত প্ৰকাশ কৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্য্যবাহী নিক হকলেই।
নিক হকলেই দুয়োটা দলৰ খেলুৱৈ সকলক বাধ্যতামূলক দুই সপ্তাহৰ কোৱাৰেণ্টাইন কৰিব লাগিব বুলি প্ৰকাশ কৰে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে অলপতে তেওঁ খেলুৱৈ সকলৰ বাবে কোৱাৰেণ্টাইনৰ সময় হ্ৰাস কৰাটো বিচাৰিছে বুলি কয়।
”আমি খেলুৱৈ সকলক ইমান দূৰলৈ গৈ দুসপ্তাহৰ বাবে হোটেলৰ কক্ষত সোমাই থকাটো বিচৰা নায়,” সৌৰভ গাংগুলীয়ে কয়।
উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ ক্ৰিকেট প্ৰতিযোগিতা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
আই চি চি টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ পূৰ্বে ক’ৰ’নাৰ সংক্ৰমণৰ বাবেই এচিয়া কাপ প্ৰতিযোগিতা পিছুৱাই দিয়া হৈছিল।