NORTHEAST NOW (Assamese)
অসম

দেশত আকাশলংঘী সোণৰ মূল্য; প্ৰতি ১০ গ্ৰামত ৫০,০০০ টকা অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2020 2:07 pm

দেশত প্ৰথমবাৰৰ বাবে সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৫০,০০০ টকা অতিক্ৰম কৰিছে।

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে পৰা প্ৰভাৱৰ বাবেই সোণৰ দাম দ্ৰুত গতিত বৃদ্ধি পাইছে বুলি ব্যৱসায়ী সকলে জনাইছে।

সোণৰ সমান্তৰালভাৱে ৰূপৰ দামো বৃদ্ধি পাইছে।

বুধবাৰে ৰূপৰ দাম ৭ শতাংশ বৃদ্ধি পাই প্ৰতিকেজিত ৬১,২৮০ টকা হয়।

বিশ্বৰ সোণ আমদানি কৰা দেশ সমূহৰ ভিতৰত ভাৰত অন্যতম। ভাৰত সোণ আমদানিৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থানত আছে।

ভাৰতৰ বিভিন্ন বিবাহ অনুষ্ঠানৰ লগতে ধৰ্মীয় উৎসৱ-পাৰ্বনতো সোণৰ ব্যৱহাৰ হোৱা দেখা যায়।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ তুলনাত চলিত বৰ্ষত এতিয়ালৈ সোণৰ মূল্য ২৮ শতাংশ বৃদ্ধি পাইছে।

অৱশ্যে ভাৰতত সোণৰ মূল্য মুঠ ঘৰুৱা চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি উঠা-নমা হৈ থাকে।

বুধবাৰৰ দিনতটোত বিগত ৯ বছৰৰ ভিতৰত ভাৰতত সোণৰ দাম সৰ্বাধিক হাৰত বৃদ্ধি পায়।