NORTHEAST NOW (Assamese)
Popular Stories

‘তেওঁক সমৰ্থন কৰিব নোৱাৰিলে মুখ বন্ধ ৰাখক’ : কংগনাৰ কাষত এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2020 8:49 am
e3a2463e-533f-4dae-9771-001cb4bbe0ac

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলিউদত নেপোটিজম আৰু ফেভাৰিটিজম অভিযোগ তুলি তোলপাৰ লগাই আহিছে অভিনেত্ৰী কংগনা ৰাণাৱতে।

বহু বাঘা বাঘা পৰিচালক, প্ৰযোজক আৰু অভিনেতাৰ বিৰুদ্ধে এই অভিযোগ আনিছে অভিনেত্ৰী গাৰীকয়ে।

আনকি প্ৰতিভাহীন লোকে কেনেদৰে কেৱল স্বজন-তোষণ, তুষ্টিকৰণ আৰু চাটুকাৰিতাৰে বলিউদত বৰ্তি আছে তাৰো দেধাৰ উদাহৰণ দি আহিছে কংগনাই।

কংগনাৰ এই বিদ্ৰোহৰ প্ৰতি দেশৰ লক্ষ লক্ষ লোকে সমৰ্থন কৰিলেও চাটুকাৰি ব্যক্তি আৰু বলিউদৰ নেপোটিজম আৰু ফেভাৰিটিজম লবীৰ পৰা সমালোচনাৰ সন্মুখীন হৈ আহিছে দুঃসাহসী কংকনা।

কংগনাক সমালোচনা কৰা চাটুকাৰি ব্যক্তি তথা নেপোটিজমৰ প্ৰৱক্তাসকলক এইবাৰ উভতি ধৰিছে ভাৰতৰ এজন সফল ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে।

কংগনাক সৰ্থন কৰি মনোজ তিৱাৰী টুইটাৰত লিখিছে, “তেওঁক সমৰ্থন কৰিব নোৱাৰিলে মুখ বন্ধ ৰাখক।”

উল্লেখ্য যে, ভাৰতৰ এজন সফল ক্ৰিকেটাৰ মনোজ তিৱাৰীও লবিকেন্দ্ৰিকতাৰ চিকাৰ হৈ জাতীয় ক্ৰিকেট দলৰ পৰা বঞ্চিত হৈ অহা বুলি চৰ্চা লাভ কৰি আহিছে।

ভুক্তভোগী মনোজ তিৱাৰীয়ে কংগনাক সমৰ্থন কৰি আৰু লিখিছে, “যিসকলে কংগনাক আক্ৰমণ কৰিছে, তেওঁলোকে নিজেই নিজৰ স্বভাৱ দেখুৱাই দিছে।”

“এই যুঁজ অব্যাহত থাকিব। কিন্তু যেতিয়া কংগনাই নিজেই মুখ খুলিলে, তেতিয়া সকলোৱে কেনে কথা কৈছে? তেওঁক সমৰ্থন কৰিব নোৱাৰে যদি মুখ বন্ধ কৰি ৰাখক।” ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে কয়।