NORTHEAST NOW (Assamese)
দেশ

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 19, 2022 1:26 pm
CBI raids Manish Sisodia

দিল্লীৰ আম আদমী পাৰ্টি (আপ) চৰকাৰৰ সুৰা নীতিৰ সৈতে জড়িত অভিযোগ সন্দৰ্ভত আজি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- এ ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত তালাচী অভিযান আৰম্ভ কৰিছে।

চিছ’দিয়াৰ বাসগৃহৰ উপৰিও চিবিআইয়ে সাতখন ৰাজ্যৰ আন ২০ টা স্থানতো তালাচী অভিযান চলাইছে।

ইতিপূৰ্বে তদন্ত সংস্থাটোৱে আপ চৰকাৰে বিগত বৰ্ষৰ নৱেম্বৰত আৰম্ভ কৰা দিল্লী আবকাৰী নীতিত দুৰ্নীতিৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছিল।

এই গোচৰটোৰ সন্দৰ্ভত দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত এ গোপীকৃষ্ণৰ দমন-দিউৰ বাসভৱনতো অনুসন্ধান চলাইছে চিবিআই- এ।

আপ চৰকাৰে যোৱা বছৰ নৱেম্বৰত নতুন আবকাৰী নীতি আৰম্ভ কৰিছিল আৰু এই নীতিৰ অধীনত সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ ব্যক্তিগত ব্যৱসায়ীলৈ হস্তান্তৰ কৰিছিল।

ইফালে চিবিআইৰ তালাচী অভিযানৰ পাছতে মনীষ চিছ’দিয়াই এক টুইটযোগে চিবিআই অভিযানৰ কথা সদৰী কৰি অভিযানত সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

চিছ’দিয়াই লগতে তেওঁৰ বিৰুদ্ধে অভিযানত কোনো দুৰ্নীতিৰ প্ৰমাণ লাভ নকৰে বুলি দাবী কৰে। চিছ’দিয়াই স্বাস্থ্য আৰু শিক্ষা খণ্ডত দিল্লী চৰকাৰে কৰা উৎকৃষ্ট কামৰ দ্বাৰা অসুবিধাত পৰিয়ে কেন্দ্ৰীয় চৰকাৰে এই ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ কৰে।

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও চিবিআইৰ অভিযানক স্বাগতম জনাইছে। এই অভিযানত সম্পূৰ্ণ সহযোগিতা থাকিব বুলি মন্তব্য কৰে কেজৰিৱালে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে পূৰ্বেও এনে বহু কেইটা অভিযান চলোৱা হৈছিল যদিও কোনো প্ৰমাণ ওলোৱা নাছিল। এই অভিযানতো কোনো অনিয়মৰ প্ৰমাণ নাপায় বুলি চিছ’দিয়াৰ দৰেই কেজৰিৱালেও দাবী কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে বিৰোধী ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে অভিযান চলোৱাক কেন্দ্ৰ কৰি কেজৰিৱালে কিছুদিন পূৰ্বে মনীষ চিছ’দিয়াও এনে অভিযানৰ পৰৱৰ্তী লক্ষ্য হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল।