NORTHEAST NOW (Assamese)
অসম

মণিপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তাণ্ডৱ, সংঘৰ্ষত ৩ জনৰ মৃত্যু; বন্ধ ইণ্টাৰনেট সেৱা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2024 10:47 am

শেহতীয়াকৈ পুনৰ হিংসাত্মক ঘটনাই জোকাৰি গৈছে মণিপুৰ। বৃহস্পতিবাৰে চুৰাচান্দপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শতাধিক প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে। সংঘৰ্ষত ৩ জন নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

জানিব পৰা মতে, হিংসাত্মক ঘটনাত কমেও ৩০ জন লোক আহত হৈছে। ৰাজ্যখনৰ কুকি জনজাতি অধ্যুষিত চুৰাচান্দপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। মণিপুৰত এয়া পুনৰ নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষৰ ঘটনা।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা তথ্য মতে চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এটা দলে আক্ৰমণ কৰে। শেহতীয়াকৈ এটা ভিডিঅ’ত বন্দুকধাৰীৰ সৈতে দেখা পোৱাৰ পিছত জিলা আৰক্ষীৰ মুৰব্বী কনিষ্টবলজনক বৰ্খাস্ত কৰাৰ পিছতে এই ঘটনা আৰম্ভ হয়। তাৰেই প্ৰতিবাদত সংঘটিত হয় এই বৰ্বৰ আক্ৰমণ।

পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি মনিপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে। ছ’চিয়েল মিডিয়া এক্সত এটা পোষ্টত মণিপুৰ আৰক্ষীয়ে লিখিছে, ‘আজি প্ৰায় ৩০০-৪০০ জনীয়া এটা দলে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তাণ্ডৱ সৃষ্টি কৰি আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। ৰেপিড একচন ফৰ্চ (আৰ এ এফ) আৰু অন্যান্য নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলায়”।

চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষক শিৱানন্দ সুৰভে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত মুখ্য কনিষ্টবল ছিয়ামলাপালক বৰ্খাস্ত কৰিছে। মণিপুৰ আৰক্ষীয়ে নিজৰ নিৰ্দেশত কয়, ‘সুশৃংখলিত আৰক্ষী বাহিনীৰ সদস্য হিচাপে গুৰুতৰ অসৎ আচৰণৰ বাবে মুৰব্বী কনিষ্টবলজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। চুৰাচান্দপুৰ জিলা আৰক্ষীয়েও তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে। ঘটনাৰ পিছতে চুৰাচান্দপুৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়।

উল্লেখ্য যে যোৱা বছৰৰ ৩ মে’ৰ পৰা মণিপুৰত আৰম্ভ হৈছিল হিংসাত্মক ঘটনা। তথ্য অনুসৰি কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘটিত হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে ১৮০ জন লোকৰ মৃত্যু হৈছে।