NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত ১২ ঘণ্টাৰ ভিতৰত মৃত্যু তিনিগৰাকী লোকৰ; মুখ্য মন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা October 29, 2019 10:08 pm
wild jumbo attack

গোৱালপাৰা জিলাত হাতী আৰু মানুহৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। মঙলবাৰে পুৱতি নিশাৰ পৰা ১২ ঘণ্টাৰ ভিতৰত তিনিগৰাকী লোক বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয়।

বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোক কেইগৰাকী হ’ল ক্ৰমে বাকাইটাৰী গাঁৱৰ টিকেন চন্দ্ৰ নাথ, মিজানুৰ ৰহমান আৰু জাহানাৰা খাতুন।

ৰাতিপুৱা বনৰীয়া হাতীৰ আক্ৰমণত টিকেন চন্দ্ৰ নাথ নামৰ লোকগৰাকীৰ মৃত্যু হোৱাৰ পাছত সন্ধিয়া এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ আক্ৰমণত মিজানুৰ ৰহমান আৰু জাহানাৰা খাতুনে প্ৰাণ হেৰুৱায়।

অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ৰাইজ।

স্থানীয় ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ বিষয়ে বন বিভাগক অৱগত কৰাৰ পাছতো বন বিভাগে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

আনহাতে, একেদিনাই গোৱালপাৰা ভ্ৰমণলৈ যোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন বিভাগক হাতীটো ট্ৰেংকুলাইছ কৰাৰ নিৰ্দেশ দিয়াৰ উপৰিও জিলা উপায়ুক্ত বৰ্ণালী ডেকা আৰু বন বিষয়াৰ সৈতে হোৱা বৈঠকৰ অন্তত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াল বৰ্গলৈ ৪ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

তদুপৰি, সোণোৱালে বন বিভাগক শীঘ্ৰে অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈও নিৰ্দেশ দিয়ে।