NORTHEAST NOW (Assamese)
অসম

চি পি আই (এম)ৰ নেতাক নৃশংসভাৱে হত্যা; হত্যাকাণ্ডত বিজেপিৰ লোক জড়িতৰ অভিযোগ

Posted by: তন্ময় চক্ৰৱৰ্তি Updated by: তন্ময় চক্ৰৱৰ্তি October 29, 2019 10:08 pm
Manik Sarkar visited the place where Tufan Debbarma killed

ত্ৰিপুৰাৰ সোণামূৰা মহকুমাৰ অন্তৰ্গত পদ্মিনী নগৰ এ ডি চি গাঁৱত চি পি আই(এম)ৰ এগৰাকী স্থানীয় নেতাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা দেওবাৰে মৃতদেহ উদ্ধাৰ হোৱা নেতা জনক তুফান দেববাৰ্মা বুলি চিনাক্ত কৰা হৈছে। তেওঁ জি এম পি (চি পি আই এমৰ জনজাতি শাখা)ৰ বিভাগীয় সমিতিৰ সদস্য আছিল।

এই ঘটনাৰ বিষয়ে জানিব পাৰি আজি দলটোৰ জ্যেষ্ঠ নেতা তথা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰে হত্যাৰ বলি হোৱা লোকজনৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে।

ৰাজনৈতিক আক্ৰোশৰ ফলত এইদৰে নেতাজনে নিজৰ প্ৰাণ হেৰুৱাব লগীয়া হোৱা বুলি দলটোৰ কৰ্মীসকলে মত ব্যক্ত কৰিছে। তদুপৰি এই হত্যাকাণ্ডৰ সৈতে বিজেপিৰ গুণ্ডা বাহিনী জড়িত থকাৰো অভিযোগ তোলে একাংশই।

ইফালে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত নিৰজিৎ দেৱবাৰ্মা নামৰ এজন লোকক আটক কৰিছে।

ঘটনা সন্দৰ্ভত গাঁওবাসীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে দেওবাৰে একাংশ দুষ্কৃতিকাৰীয়ে তুফান দেৱবাৰ্মাৰ ঘৰত প্ৰৱেশ কৰি তেওঁক বাহিৰলৈ উলিয়াই আনে। ঘটনা সংঘটিত হোৱাৰ সময়ত লোকজনৰ ঘৈনীয়েক আৰু ছোৱালীজনী ঘৰত উপস্থিত নাছিল।

দেওবাৰে ৰাতিপুৱা নেতাজনৰ মৃতদেহটো ঘৰৰ পৰা কিছু নিলগত উদ্ধাৰ হয়। দুষ্কৃতিকাৰীয়ে অতি নৃশংসতাৰে নেতাজনৰ মূৰত আক্ৰমণ কৰিছিল।

ইফালে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে বিজেপিৰ শাসন কালত ৰাজ্যখনত আইন-শৃংখলা অধিক অৱনতি হোৱা বুলি মন্তব্য কৰিছে মানিক সৰকাৰে।