NORTHEAST NOW (Assamese)
অসম

যোৱা বৰ্ষত নিহত হোৱা ৯৯ জন সাংবাদিকৰ ভিতৰত ৭২ জনেই নিহত গাজা যুদ্ধত: চিপিজে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2024 11:23 am

বিশ্বত ২০২৩ বৰ্ষত নিহত হোৱা মুঠ ৯৯ জন সাংবাদিকৰ ভিতৰত ৭২ জনেই ইজৰাইল-হামাছ যুদ্ধত নিহত হোৱা বুলি কমিটী টু প্ৰটেক্ট জাৰ্নেলিষ্ট (চিপিজে)য়ে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে। প্ৰায় এটা দশকৰ ভিতৰত সংবাদ মাধ্যমৰ বাবে এই মৃত্যুৰ সংখ্যা আছিল আটাইতকৈ মাৰাত্মক।

ছোমালিয়া আৰু ফিলিপাইনছত মৃত্যুৰ সংখ্যা সুস্থিৰ হৈ থকাৰ বিপৰীতে চিপিজে-ই কয় যে গাজা, ইজৰাইল আৰু লেবাননত মৃত্যুৰ সংখ্যা বৃদ্ধি নহ’লে বিশ্বজুৰি সাংবাদিক হত্যাৰ সংখ্যা বছৰৰ পিছত বছৰ ধৰি হ্ৰাস পালেহেঁতেন।

২০১৫ চনৰ পিছত সাংবাদিকৰ এই মৃত্যুৰ সংখ্যা সৰ্বাধিক আৰু ই ২০২২ চনৰ পৰিসংখ্যাতকৈ প্ৰায় ৪৪ শতাংশ বৃদ্ধি পাইছে।

লগতে পঢ়কঃ চিৰিয়াখানাত সিংহৰ সৈতে চেলফি তোলাৰ চেষ্টা; সিংহৰ আক্ৰমণত প্ৰাণ গ’ল যুৱকৰ

২০২৩ চনৰ ডিচেম্বৰ মাহত চিপিজে-ই প্ৰকাশ কৰা অনুসৰি ইজৰাইল-গাজা যুদ্ধৰ প্ৰথম তিনিমাহতে সমগ্ৰ বছৰত আন যিকোনো দেশত যিমান সাংবাদিক নিহত হৈছে তাতকৈ অধিক সাংবাদিকৰ মৃত্যু হৈছে।

ইজৰাইল-হামাছ সংঘাতত নিহত হোৱা ৭২ জন সাংবাদিকৰ ভিতৰত তিনিজন লেবাননৰ আৰু দুজন ইজৰাইলী বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।

চিপিজেৰ মুখ্য কাৰ্যবাহী জোডি গিন্সবাৰ্গে কয় যে গাজাৰ সাংবাদিকসকল সন্মুখৰ শাৰীতে আছে।